Type Here to Get Search Results !

ADD

Indian History- 1


 

১। সিন্ধু উপত্যকা সভ্যতা—

(A) প্রত্ন প্রস্তৰ যুগৰ
(B) নৱপ্ৰস্তৰ যুগৰ
(C) ক্যালকোলিথিক যুগৰ 
(D) লৌহ যুগৰ 
উত্তৰ : (C) ক্যালকোলিথিক যুগৰ

২। সিন্ধু উপত্যকাসভ্যতা বিকাশ হৈছিল—
(A) ঋগবেদৰ আগত 
(B) ঋগবেদৰ সময়ত
(C) ঋগবেদৰ পাচত
(D) পুৰাণৰ যুগত
উত্তৰ : (A) ঋগবেদৰ আগত

৩। মহেঞ্জোদাৰোক আন এক নামেৰেও জনা যায়। সেই নামটো-
(A) পশ্চিমৰ নগৰ
(B) মৃতকৰ নগৰ
(C) উষাৰ নগৰ
(D) আনন্দৰ নগৰ
উত্তৰ : (B) মৃতকৰ নগৰ

৪। সিন্ধু উপত্যকাৰ ভগ্নাবশেষবোৰ সিঁচৰতি হৈ আছে পাঞ্জাৱ, ৰাজস্থান আৰু
(A) বিহাৰ
(B) মধ্যপ্রদেশত
(C) গুজৰাটত
(D) উৰিষ্যাত
উত্তৰ : (C) গুজৰাটত

৫। হৰপ্পা সংস্কৃতিৰ নগৰবোৰৰ ধ্বংসাৱশেষবোৰে প্ৰমাণ কৰে যে তেওঁলোকৰ আছিল উন্নতমানৰ—
(A) নগৰ পৰিকল্পনা
(B) প্ৰতিৰক্ষাৰ বাবে কৰা দুৰ্গ নিৰ্মাণ
(C) বাগিছা পতা পদ্ধতি
(D) কৃষি
উত্তৰ : (A) নগৰ পৰিকল্পনা

৬। হৰপ্পা সংস্কৃতিৰ নগৰবোৰ, হৰপ্পা আৰু মহেঞ্জোদাৰোৰ ধ্বংসাবশেষবোৰৰ মাজত আছে ডাঙৰ
(A) ৰাজপ্ৰসাদবোৰ
(B) ভঁৰালঘৰবোৰ
(C) দলংবোৰ
(D) পানীৰ আধাৰবোৰ
উত্তৰ : (B) ভঁৰালঘৰবোৰ

৭। মহেঞ্জোদাৰো চহৰৰ আটাইতকৈ চকুত লগা ধ্বংসাৱশেষ হ'ল ইটাৰে নিৰ্মিত স্নানাগাৰটো, যাৰ আকাৰ
(A) ৩৯ ফুট ×২৩ ফুটঘ ৮ ফুট
(B) ৪০ ফুট × ২৪ ফুট 
(C) ৪১ ফুট × ২৫ ফুট × ১০ ফুট 
(D) ২৯ ফুট × ২০ ফুট × ৫ ফুট 
উত্তৰ : (A) ৩৯ ফুট × ২৩ ফুটঘ ৮ ফুট 

৮। ধ্বংসাৱশেষবোৰে প্ৰমাণ কৰে যে সিন্ধু উপত্যকাৰ লোকে তেওঁলোকৰ অট্টালিকাবোৰ সাজিছিল—
(A) পোৰা ইটাৰে
(B) কাঠেৰে
(C) শিলেৰে
(D) শিল আৰু বিলাতী মাটিৰ মিশ্ৰণেৰে 
উত্তৰ : (A) পোৰা ইটাৰে

৯। সিন্ধু উপত্যকাৰ লোকসকলৰ ব্যৱসায়িক সম্পর্ক আছিল—
(A) লণ্ডন আৰু পেৰিচৰ সৈতে
(B) চীনদেশ আৰু জাপানৰ লগত
(C) পাৰস্য উপসাগৰ আৰু মেচোপটেমিয়া 
(D) হংকং
উত্তৰ : (C) পাৰস্য উপসাগৰ আৰু মেচোপটেমিয়া 

১০। মহেঞ্জোদাৰো সিন্ধু প্রদেশত অৱস্থিত, হৰপ্পা পাকিস্থানৰ মণ্টো গোমাৰী জিলাত অৱস্থিত। লোমানিল গুজৰাটত অৱস্থিত। সিন্ধু সভ্যতাৰ আন এক স্থান কালিবঙ্গন কত অৱস্থিত ? 
(A) পঞ্জাৱৰ সংগ্ৰৰ জিলাত
(B) ৰাজস্থান গঙ্গানগৰ জিলাত
(C) হাৰিয়ানাৰ কৈঠাল জিলাত
(D) ওপৰৰ এটাও নহয়
উত্তৰ : (B) ৰাজস্থান গঙ্গানগৰ জিলাত

১১। সিন্ধু উপত্যকা সভ্যতাত লোকসকলৰ আটাইতকৈ প্ৰসিদ্ধ দেৱী-দেৱতা আছিল-
(A) মাতৃপৃহা
(C) ইন্দ্ৰ দেৱতা
(C) সূৰ্যদেৱতা
(D) নদীৰ দেৱতা
উত্তৰ : (A) মাতৃগৃহা

১২। সিন্ধু উপত্যকাৰ লোকসকলৰ অৰ্থনীতিৰ বুনিয়াদ আছিল----
(A) খনিজ পদার্থ
(B) শিল্পী
(C) কৃষি
(D) মীন পালন
উত্তৰ : (C) কৃষি

১৩। খ্রীষ্টপূর্ব প্রায় ১০০০ বছৰ আগতে ৰচিত প্রাচীনতম সাহিত্যিক ৰচনা—
(A) ঋগবেদ
(B) সামবেদ
(C) যজুর্বেদ
(D) অথর্ব বেদ
উত্তৰ : (A) ঋগবেদ

১৪। মহেঞ্জোদাৰোত আৱিস্কাৰ হোৱা সিন্ধু উপত্যকা সভ্যতাৰ ধ্বংশাৱশেষবোৰ প্ৰথম আৱিষ্কৃত হয়
(A) ১৯০০ চনত
(B) ১৯২২ চনত
(C) ১৯৪০ চনত
(D) ১৯৩৯ চনত
উত্তৰ : (A) ১৯০০ চনত

১৫। সিন্ধু উপত্যকা সভ্যতাৰ কালত এটা বৃহৎ স্নানাগাৰটো সজা হৈছিল—
(A) হৰপ্পাত
(B) মহেঞ্জোদাৰোত
(C) লোথালত
(D) কাৰাছীত
উত্তৰ : (B) মহেঞ্জোদাৰোত

১৬। সিন্ধু উপত্যকাৰ লোকে লিখিব জানিছিল আৰু তেওঁলোকৰ লিপি আছিল—
(A) চিত্র লিপি
(B) ব্ৰাহ্মী
(C) পালি
(D) মাগধী
উত্তৰ : (A) চিত্ৰ লিপি

১৭। হৰপ্পা সংস্কৃতিৰ নগৰবোৰ বিখ্যাত আছিল —
(A) নলা-নৰ্দমা আৰু আলিবাটৰ বাবে 
(B) বাগিচা আৰু দলংবোৰৰ বাবে 
(C) পুখুৰী আৰু হ্ৰদবোৰৰ বাবে
(D) অগ্নি নির্বাপন পদ্ধিতিৰ বাবে 
উত্তৰ : (A) নলা-নৰ্দমা আৰু আলিবাটৰ বাবে 

১৮। মহেঞ্জোদাৰোৰ ভগ্নাবশেষত পোৱা নাচনী ছোৱালীজনীৰ মুৰ্ত্তিটো কি ধাতুৰে সজা ? 
(A) সোণ 
(C) ব্রঞ্জ 
(B) ৰূপ 
(D) লো
উত্তৰ: (C) ব্ৰঞ্জ

১৯। তলত উল্লেখ কৰা কোনপদ বস্তু সিন্ধু উপত্যকাৰ সময়ত আৱিষ্কৃত হোৱা নাছিল
(A) লো 
(B) শিল
(C) তাম 
(D) ব্রঞ্জ 
উত্তৰ : (A) লো 

২০। হৰপ্পা সংস্কৃতিৰ ধ্বংসাৱশেষবোৰৰ ভিতৰত আটাইতকৈ দোমোজাত পেলোৱা আহিলা আছিল— 
(A) মোহৰবোৰ  
(C) সা-সৰঞ্জামবোৰ 
(B) গহনাবোৰ 
(D) ডাঙৰ স্থানাগাৰটো 
উত্তৰ : (A) মোহৰবোৰ

২১। সিন্ধু উপত্যকাৰ লোকসকলে বেহাবেপাৰ চলোৱা বন্দৰনগৰীখন—
(A) কোত ডিজি
(B) কালিবঙ্গন
(C) হস্তিনাপুৰ
(D) মদ্ৰত
উত্তৰ : (B) কালিবঙ্গ

২২। মহাভাৰতত বৰ্ণিত কৌৰব আৰু পাণ্ডব সকলৰ যুদ্ধখন হৈছিল—
(A) ইন্দ্ৰপ্ৰস্তুত
(B) কুৰুক্ষেত্ৰত
(C) হস্তিনাপুৰত
(D) চুৰাট
উত্তৰ : (B) কুৰুক্ষেত্ৰত

২৩।‘গোত্র’কথাষাৰৰ সৰ্বপ্ৰথম উল্লেখ ক'ত পোৱা যায় —
(A) সামবেদত
(B) ঋগ বেদত
(C) অথর্ববেদত
(D) যজুৰবেদত
উত্তৰ : (C) অথর্ববেদত

২৪। ঋগবেদত সংগৃহীত স্তোত্ৰৰ সংখ্যা—
(A) ১০১৭ টা
(B) ৫১৭ টা
(C) ৩০১৭ টা
(D) ২৫২১ টা
উত্তৰ : (A) ১০১৭ টা

২৫। ঋগবেদৰ কালৰ আৰ্যসকলে সম্প্ৰতি অস্তিত্ব নথকা এখন নদীৰ বিষয়ে ভালেমান হৃদয় বিদাৰক গান আৰু স্তোত্ৰ ৰচনা কৰিছিল। নদীখনৰ নাম-
(A) বিয়চ
(B) সৰস্বতী
(C) কৃষ্ণা 
(D) ললিতা
উত্তৰ : (B) সৰস্বতী

২৬। ঋগবেদৰ কালৰ আৰ্য্যসকলৰ প্ৰায়ে বিভিন্ন জনগোষ্ঠীৰ মাজত যুদ্ধ হৈছিল। তেনেবোৰ যুদ্ধ প্ৰায়ে হৈছিল মাটি আৰু 
(A) ডকাইতিৰ বাবে
(B) নদীৰ পানীৰ বাটোৱাৰাৰ বাবে 
(C) গৰু চুৰি কৰা বাবে
(D) কুমাৰী হৰণৰ বাবে
উত্তৰ : (C) গৰু চুৰি কৰা বাবে

২৭। বৈদিক যুগত ৰাষ্ট্ৰৰ কেন্দ্ৰ আছিল—
(A) ৰজা
(B) সমিতি
(C) নির্বাচিত 
(D) দ্বৈতযুদ্ধৰ পাচত পচন্দকৃত 
উত্তৰ : (A) ৰজা 

২৮। আৰ্য্য গোষ্ঠীৰ মুৰব্বী নাইবা ৰজা আছিল—
(A) বংশানুক্রমিক 
(B) পচন্দকৃত
(C) নির্বাচিত 
(D) দ্বৈতযুদ্ধৰ পাচত পচন্দকৃত 
উত্তৰ : (A) বংশানুক্রমিক

২৯। আৰ্যসকল প্রথম ভাৰতবৰ্ষলৈ অহা সময়ত তেওঁলোক আছিল—
(A) যুজাৰু
(B) পশুপালক
(C) বেপাৰী
(D) কৃষক
উত্তৰ : (B) পশুপালক

৩০। আৰ্য্যসকলৰ মূল্যৰ মান আৰু মূল্যবান দ্ৰব্য আছিল—
(A) মোহৰবোৰ
(B) সোণ
(C) গোধন
(D) ৰূপ
উত্তৰ : (C) গোধন 

৩১। ঋগবেদৰ সময়ৰ আৰ্যসকলে জানিছিল -
(A) একপত্নী আৰু বহু পত্নী ৰখা
(B) বহুপত্নী আৰু বহুপতি ৰখা
(C) একপত্নী আৰু বহুপতি ৰখা
(D) একপত্নী ৰখা
উত্তৰ : (A) একপত্নী আৰু বহু পত্নী ৰখা

৩২। আৰ্য্যসকলৰ জনপ্ৰিয় পৰিষদ দুখন আছিল—
(A) গ্ৰাম আৰু জন 
(B) সভা আৰু সমিতি
(C) গণ আৰু সংঘ 
(D) বিদত্তা
উত্তৰ : (B) সভা আৰু সমিতি 

৩৩। আৰ্য্যসকলৰ প্ৰিয় আমোদ-প্রমোদ আছিল-
(A) মাছ ধৰা
(B) ঘোঁৰা দৌৰ
(C) জুৱাখেল
(D) চিকাৰ কৰা
উত্তৰ : (C) জুৱাখেল

৩৪। আৰ্য্যসকলৰ ধৰ্মীয় জীৱনৰ প্ৰধান বৈশিষ্ট্য আছিল
(A) স্তোত্র পাঠ কৰা 
(B) যজ্ঞ
(C) সোমৰস পান কৰা 
(D) মূৰ্ত্তি পূজা
উত্তৰ : (B) যজ্ঞ

৩৫। তলত উল্লেখ কৰা নামবোৰৰ মাজৰ পৰা 'ব্ৰাহ্মণ' সাহিত্য বিচাৰি উলিওৱা— 
(A) ঐতেৰেয় আৰু শতপথ 
(B) সাম আৰু অথৰ্ব্ব
(C)কালিকা আৰু মৎস্য
(D)ওপৰত উল্লেখ কৰা আটাইকেইটা। 
উত্তৰ : (A) ঐতেৰেয় আৰু শতপথ

৩৬। ঋগবেদৰ কালৰ শিক্ষিত আৰ্য মহিলাসকল হ'ল—
(A) ৰেজিয়া চুলতানা আৰু নুৰজাহান
(B) অপলা আৰু ঘোষা
(C) সুজাতা আৰু সংঘমিত্রা
(D) ক্ষমা আৰু অনুসূয়া
উত্তৰ : (B) অপলা আৰু ঘোষা

৩৭। প্রাচ্যত আর্য সংস্কৃতিৰ শ্ৰেষ্ঠ কেন্দ্ৰ হিচাবে উদ্ভাসিত চহৰ তিনিখন হ’ল—
(A) কোশল, কালী, বিদেহ
(B) কলিঙ্গন, কোত ডিজি আৰু ৰোগাৰ
(C) তাম্রলিপ্তি, ঘণ্টাশালা আৰু কাদুৰ
(D) কুণ্ডিল, প্রাগজ্যেতিষপুৰ আৰু শোণিতপুৰ 
উত্তৰ : (A) কোশল, কালী, বিদেহ

৩৮। মহেঞ্জোদাৰোৰ মোহৰ এটাত খোদিত পশুৰে আবৃত তিনিটা মুৰ আৰু শিং থকা দেবতাজনক কোন বুলি ভবা হয় ?
(A) ইন্দ্ৰ
(B) বৰুণ
(C) বিষ্ণু
(D) পশুপতি
উত্তৰ : (D) পশুপতি

৩৯। উৎসৱৰ সময়ত আৰ্যসকলে পান কৰিছিল—
(A) সুৰা
(B) সোম ৰস
(C) মধু
(D) চাউলৰ পৰা উৎপাদিত সুৰা
উত্তৰ : (B) সোম ৰস

৪০। আৰ্য্য সমাজত যৌতুক প্রথা আছিল—
(A) গৃহীত
(B) অজ্ঞাত
(C) অতি বিৰল 
(D) অবশ্য
উত্তৰ : (B) অজ্ঞাত 

৪১। তলত উল্লেখ কৰা কোনটো হৰপ্পা আৰু মহেঞ্জোদাৰোত আৱিষ্কৃত ধ্বংসস্তুপবোৰৰ এটা বৈশিষ্ট্য—
(A) অৰ্দ্ধগোলাকাৰ চাল
(B) বাগিছা
(C) নৰ্দমা ব্যৱস্থা
(D) বৃহৎ অট্টালিকা
উত্তৰ : (C) নৰ্দমা ব্যৱস্থা

৪২। সাম্প্ৰতিক কালৰ বিশ্বৰ দীৰ্ঘতম একক কবিতাটো হ'ল—
(A) ঋগ্‌ বেদ
(B) পুৰাণবোৰ
(C) মহাভাৰত
(D) ৰামায়ণ
উত্তৰ : (C) মহাভাৰত 

৪৩। মহাভাৰত প্ৰণেতা কবিজন হ'ল-
(A) মনু
(B) ব্যাস
(C) বাল্মিকী
(D) কালিদাস
উত্তৰ : (B) ব্যাস

৪৪। আৰ্যসকলৰ অৰ্থনীতিত প্রধান ব্যাৱসায়সমূহ আদান-প্ৰদান কৰা মূল্যৰ একক আছিল—
(A) মুদ্রা
(B) মোহৰ
(C) গৰু
(D) ঘোৰা 
উত্তৰ : (C) গৰু 

৪৫। আৰ্যসকলৰ পৰিয়াল আছিল—
(A) পিতৃ প্ৰধান
(B) মাতৃ প্রধান
(C) যৌথ পৰিয়াল
(D) একক পৰিয়াল
উত্তৰ : (A) পিতৃ প্রধান

৪৬। “অশ্বমেধ” আছিল—
(A) ম'হ যজ্ঞ
(B) ছাগলী যজ্ঞ
(C) ঘোঁৰা যজ্ঞ
(D) নৰমেধ যজ্ঞ
উত্তৰ : (C) ঘোঁৰা যজ্ঞ 

৪৭। হৰ্ষৰ জীৱনী ‘হৰ্ষ চৰিত'ৰ লিখক আছিল—
(A) হিউৱেন চাং
(B) বানভট্ট
(C) বৰাহমিহিৰ
(D) হর্ষ
উত্তৰ : (B) বানভট্ট

৪৮। কালিদাস বিৰচিত ‘শকুন্তলা' এখন—
(A) মহাকাব্য
(B) কবিতা
(C) নাটক 
(D) গদ্য
উত্তৰ : (C) নাটক 

৪৯। ‘মেঘদুত’ৰ ৰচক হ'ল-
(A) হর্ষ
(B) কৌটিল্য
(C) কালিদাস
(D) কলহন
উত্তৰ : (C) কালিদাস 

৫০। প্রাচীন ভাৰতবৰ্ষৰ এজন বিখ্যাত জ্যোতির্বিদ হ'ল—
(A) মনু
(B) বৃহস্পতি
(C) আর্য্যভট্ট
(D) চড়ক
উত্তৰ : (C) আৰ্য্যভট্ট।

Top Post Ad

Below Post Ad

Ads Area