৫১। অসমৰ কৃষক বিদ্ৰোহৰ বুৰঞ্জীত ফুলগুৰিৰ সংঘৰ্ষ এক উল্লেখনীয় ঘটনা। এই সংঘর্ষ কিমান চনত সংঘটিত হৈছিল ?
(ক) ১৮৬১ চনত
(খ) ১৮৬২ চনত
(গ) ১৮৬৩ চনত
(ঘ) ১৮৬৩ চনত
উত্তৰ : (ক) ১৮৬১ চনত
৫২। প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজনৰ নাম কি ?
(ক) শিৱ সিংহ
(খ) লক্ষ্মী সিংহ
(গ) জয়ধ্বজ সিংহ
(ঘ) ৰুদ্ৰ সিংহ
উত্তৰ : (খ) লক্ষ্মী সিংহ
৫৩। ‘আসাম এছ’চিয়েচন' কোন চনত গঠন হয় ?
(ক) ১৯০২ চনত
(খ) ১৯০৩ চনত
(গ) ১৯০৪ চনত
(ঘ) ১৯০৫ চনত
উত্তৰ : (খ) ১৯০৩ চনত
৫৪। আহোম ৰজা জয়ধ্বজ সিংহই ঘিলাঝাৰী ঘাটৰ সন্ধি অনুসৰি মোগলৰ হেৰেমলৈ পঠোৱা নিজ কন্যাগৰাকীৰ নাম কি?
(ক) পিজৌ গাভৰু
(খ) ৰমণী গাভৰু
(গ) আজম তৰা
(ঘ) মূলা গাভৰু
উত্তৰ : (খ) ৰমণী গাভৰু
৫৫। পত্নীক সিংহাসনত বহুৱাই নিজে সিংহাসন ত্যাগ কৰা আহোম ৰজাজনৰ নাম কি ?
(ক) শিৱ সিংহ
(খ) লক্ষ্মী সিংহ
(গ) ল'ৰা ৰজা
(ঘ) প্রতাপ সিংহ
উত্তৰ : (ক) শিৱ সিংহ
৫৬। আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয় ?
(ক) প্রেমবিবাহ
(খ) গন্ধর্ব বিবাহ
(গ) চকলং
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (গ) চকলং
৫৭। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?
(ক) শৰাইঘাটৰ ৰণ
(খ) ইটাখুলি ৰণ
(গ) ঘিলাধাৰী ঘাটৰ ৰণ
(ঘ) পথৰুঘাটৰ ৰণ
উত্তৰ : (খ) ইটাখুলি ৰণ
৫৮। অসমত মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে ?
(ক) চুকাফা
(খ) স্বৰ্গনাৰায়ণ
(গ) গদাধৰ সিংহ
(ঘ) শিৱ সিংহ
উত্তৰ : (গ) গদাধৰ সিংহ
৫৯। নাগাক্ষ বংশৰ কোনজন ৰজাই মাজুলীৰ ৰত্নপুৰত ৰাজধানী পাতিছিল ?
(ক) ধর্মপাল
(খ) ৰামচন্দ্ৰই
(গ) নাগশংকৰ
(ঘ) এটাও নহয়
উত্তৰ : (খ) ৰামচন্দ্ৰই
৬০। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?
(ক) কুমাৰ ভাস্কৰ বৰ্মন
(খ) পুষ্য বর্মন
(গ) সমুদ্র বর্মন
(ঘ) সুস্থিত বৰ্মন
উত্তৰ : (ক) কুমাৰ ভাস্কৰ বৰ্মন
৬১। বিশ্বনাথ নগৰ কোনে প্রতিষ্ঠা কৰিছিল ?
(ক) আৰিমত্তৰ মন্ত্ৰী সমুদ্ৰই
(খ) আৰিমত্ত ৰজাই
(গ) নৰনাৰায়ণ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (ক)আৰিমত্তৰ মন্ত্ৰী সমুদ্রই
৬২। চীনা পৰিব্ৰাজক হিউৱেন-চাঙে কোনজন ৰজাক ‘শেহতীয়া ৰজা’ বুলি উল্লেখ কৰিছিল ?
(ক) ভাস্কৰবৰ্মন
(খ) হৰ্ষবৰ্দ্ধন
(গ) শশাংক
(ঘ) সমুদ্রবর্মন
উত্তৰ : (গ) শশাংক
৬৩। জঙালবলাহু কোন ?
(ক) আৰিমত্তৰ মন্ত্ৰী
(খ)আৰিমত্তৰ সেনাপতি
(গ) আৰিমত্ত ৰজাৰ পুতেক
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : গ) আৰিমত্ত ৰজাৰ পুতেক
৬৪। কাশ্মীৰৰাজ মেঘবাহনে বিয়া কৰোৱা অসমৰ গাভৰু গৰাকী কোন আছিল ?
(ক) অমৃতপ্রভা
(খ) ৰমণী গাভৰু
(গ) মূলা গাভৰু
(ঘ) ৰঙিলী গাভৰু
উত্তৰ : (ক) অমৃতপ্রভা
৬৫। আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?
(ক)প্রায় ৫৫০ বছৰ
(খ) প্ৰায় ৬০০ বছৰ
(গ) প্ৰায় ৬২০ বছৰ
(ঘ) প্রায় ৬৩০ বছৰ
উত্তৰ : (খ) প্ৰায় ৬০০ বছৰ
৬৬। হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল ?
(ক) চুহুং মুং
(খ) চুহানফা
(গ) চুপিমফা
(ঘ) চুক্লেংমুং
উত্তৰ : (ক) চুহুং মুং
৬৭। চীনা পৰিব্ৰাজক হিউৱেন-চাঙে কোনজন ৰজাক ‘উত্তৰ পূৰ্বাঞ্চলৰ ৰজা' বুলি উল্লেখ কৰিছিল ?
(ক) ভাস্কৰবৰ্মন
(খ) হর্ষবৰ্দ্ধন
(গ) শশাংক
(ঘ) সমুদ্রবর্মন
উত্তৰ : (ক) ভাস্কৰবৰ্মন
৬৮। বুৰঞ্জীত উল্লিখিত কৱচ কাপোৰ' কি ?
(ক) ধৰ্মযজ্ঞত পুৰোহিতে গাত লোৱা এবিধ হালধীয়া বস্তু
(খ) কৱচ-মাদুলি অংকিত হালধীয়া বৰণৰ এবিধ বস্ত্ৰ
(গ) একে ৰাতিৰ ভিতৰতে সূতা কাটি বৈ উলিওৱা এবিধ কাপোৰ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (গ) একে ৰাতিৰ ভিতৰতে সূতা কাটি বৈ উলিওৱা এবিধ কাপোৰ
৬৯। ফুলগুৰিৰ সংঘৰ্ষত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম কি?
(ক) লেফটেনান্ট চিংগাৰ
(খ) কেপ্টেইন নিউভিল
(গ) ডেভিদ স্কট
(ঘ) কেপ্টেইন ৱেলচ
উত্তৰ : (ক) লেফটেনান্ট চিংগাৰ
৭০। আহোম-কোচৰ যুদ্ধত আহোমসকলে বন্দী কৰি অনা হাজাৰ হাজাৰ কোচ সৈন্যৰ মূৰ কাটি দমাই থোৱা ঠাইখনৰ নাম কি?
(ক) গড়গাঁও
(খ) মঠাদাং
(গ) মেটেকা
(ঘ) নামৰূপ
উত্তৰ : (খ) মঠাদাং
৭১। ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা কিমান ?
(ক) ৫৪ জন
(খ) ৫৫ জন
(গ) ৫৬ জন
(ঘ) ৫৬ জন
উত্তৰ : (ক) ৫৪ জন
৭২। ইতিহাসপ্রসিদ্ধ ৰংপুৰ নগৰৰ পৰিকল্পনা কৰা খনিকৰজনৰ নাম কি ?
(ক) গুণাৰাম খনিকৰ
(খ) দীপক খনিকৰ
(গ) ঘনশ্যাম খনিকৰ
(ঘ) ৰাধাশ্যাম খনিকৰ
উত্তৰ : (গ) ঘনশ্যাম খনিকৰ
৭৩। পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?
(ক) ১৮৮৮ চনত
(খ) ১৮৯০ চনত
(গ) ১৮৯২ চনত
(ঘ) ১৮৯৪ চনত
উত্তৰ : (ঘ) ১৮৯৪ চনত
৭৪। আহোমৰ শাসন কালত জ্যোতিষশাস্ত্ৰৰ চৰ্চা আৰু ৰাজপুৰোহিতৰ কাম-কাজত জড়িত নথকা পৰিয়াল কোনটো ?
(ক) দেউধাই
(খ) মহন
(গ) বাইলুং
(ঘ) সন্দিকৈ
উত্তৰ : (ঘ) সন্দিকৈ
৭৫। দেশৰ ভৱিষ্যত ভাল-বেয়া গণনা কৰা আৰু ৰজাৰ অন্যান্য বিষয়াসকলৰ জন্মপত্রিকা তৈয়াৰ কৰা আহোমৰ বিশেষ শ্ৰেণীটোৰ নাম কি?
(ক) গণক
(খ) পুৰোহিত
(গ) কাকতি
(ঘ) দলৈ
উত্তৰ : (ঘ) দলৈ
৭৬। হস্তী-বিদ্যাৰ্ণৱ পুথিখনৰ লেখক কোন ?
(ক) মণিৰাম দেৱান
(খ) সূর্য কুমাৰ ভূঞা
(গ) বেণুধৰ শৰ্মা
(ঘ) সুকুমাৰ বৰকাইথ
উত্তৰ :(ঘ) সুকুমাৰ বৰকাইথ
৭৭। আহোম স্বৰ্গদেউসকলে খেল-ধেমালিৰ আয়োজন আৰু খেল পৰিচালনা কৰিবলৈ নিযুক্তি দিয়া বিষয়াকেইজনৰ অন্তৰ্গত তলৰ কোনজন নহয় ?
(ক) ৰঙিয়াল বৰুৱা
(খ) কুকুৰাচোৱা বৰুৱা
(গ) হাবিয়াল বৰুৱা
(ঘ) শেনচোৱা বৰুৱা
উত্তৰ : (গ) হাবিয়াল বৰুৱা
৭৮। বৰৰজা ফুলেশ্বৰীয়ে ক'ত পঢ়াশালী স্থাপন কৰিছিল ?
(ক) গড়গাঁৱত
(খ) চৰাইদেউত
(গ) গৌৰী সাগৰত
(ঘ) ৰংপুৰত
উত্তৰ : (ঘ) ৰংপুৰত
৭৯। 'বৰবৰুৱা' পদত প্রথমে অধিষ্ঠিত হোৱা ব্যক্তিজন কোন ?
(ক) মোমাই তামুলী
(খ) হিতেশ্বৰ বৰবৰুৱা
(গ) কীর্তিচন্দ্ৰ বৰবৰুৱা
(ঘ) নুমলী বৰবৰুৱা,
উত্তৰ : (ক) মোমাই তামুলী
৮০। অসমলৈ মান সেনাক আমন্ত্ৰণ কৰি অনা আহোমৰ বিষয়াজনৰ নাম কি?
(ক) বদন বৰফুকন
(খ) লাচিত বৰফুকন
(গ) পূৰ্ণানন্দ বৰগোহাই
(ঘ) নুমলী বৰগোহাই
উত্তৰ : (ক) বদন বৰফুকন
৮১। অসমৰ কৃষক বিদ্ৰোহৰ বুৰঞ্জীত উল্লেখনীয় ঘটনা ফুলগুৰিৰ সংঘৰ্ষত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম কি ?
(ক) লফটেনান্ট চিংগাৰ
(খ) কেপ্টেইন নিউভিল
(গ) ডেভিদ স্কট
(ঘ) কেপ্টেইন ৱেলচ
উত্তৰ : (ক) লেফটেনান্ট চিংগাৰ
৮২। প্রতি ২০ জন পাইকৰ ওপৰত থকা একোজন নিম্নবৰ্গৰ বিষয়াক ‘বৰা’; ১০০ জনৰ ওপৰত শইকীয়া'; ১০০০ জনৰ ওপৰত ‘হাজৰিকা’আদি বোলা হৈছিল । ৬০০০ জনৰ ওপৰত থকা বিষয়াজনক কি বোলা হৈছিল ?
(ক) বৰফুকন
(খ) ফুকন
(গ) ৰাজখোৱা
(ঘ) বৰবৰুৱা
উত্তৰ : (খ) ফুকন
৮৩। ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি ?
(ক) গোমধৰ কোঁৱৰ
(খ) পিয়লি ফুকন
(গ) মণিৰাম দেৱান
(ঘ) লেচাই কোঁৱৰ
উত্তৰ : (ক) গোমধৰ কোঁৱৰ
৮৪। ‘বৰফুকন’ পদত নিযুক্ত হোৱা আহোমৰ প্ৰথমগৰাকী সেনাপতি কোন?
(ক) লাচিত বৰফুকন
(খ) লাঙি পানীসিয়া বৰফুকন
(গ) বন্দৰ বৰফুকন
(ঘ) বদন বৰফুকন
উত্তৰ : (খ) লাঙি পানীসিয়া বৰফুকন
৮৫। অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথম গৰাকী মহিলা শ্বহীদ কোন?
(ক) কনকলতা বৰুৱা
(খ) ভোগেশ্বৰী ফুকননী
(গ) নুমলী নাথ
(ঘ) মালতী মেম
উত্তৰ : (ঘ) মালতী মেম
৮৬। আহোমৰ শেষ ৰজাজনৰ নাম কি ?
(ক) ৰুদ্ৰসিংহ সিংহ
(খ) পুৰন্দৰ সিংহ
(গ) জয়ধ্বজ
(ঘ) লক্ষ্মী সিংহ
উত্তৰ : (খ) পুৰন্দৰ সিংহ
৮৭। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডু অধিৱেশনৰ উদ্বোধনী গীত ‘আজি বন্দো কি ছন্দেৰে' শীৰ্ষক গীতটো কোনে ৰচনা কৰিছিল ?
(ক) ভূপেন হাজৰিকাই
(খ) তৰুণৰাম ফুকনে
(গ) লক্ষ্মীনাথ বেজবৰুৱাই
(ঘ) অম্বিকাগিৰী ৰায় চৌধুৰীয়ে
উত্তৰ : (ঘ) অম্বিকাগিৰী ৰায় চৌধুৰীয়ে
৮৮। কি পৰিস্থিতিত আহোম ৰজা, গোৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ পলাই যায় ?
(ক) মোগলৰ আক্ৰমণৰ কাৰণে
(খ) মোৱামৰীয়াসকলৰ আক্ৰমণৰ কাৰণে
(গ) মানৰ আক্ৰমণৰ কাৰণে
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (খ) মোৱামৰীয়াসকলৰ আক্ৰমণৰ কাৰণে
৮৯। ’৪২ ৰ আন্দোলনত বঢ়মপুৰত ছহিদ হোৱা মহিলা গৰাকী কোন ?
(ক) ভোগেশ্বৰী ফুকননী
(খ) কনকলতা
(গ) নুমলী নাথ
(ঘ) খহুলি নাথ
উত্তৰ : (ক) ভোগেশ্বৰী ফুকননী
৯০। ইতিহাস প্রসিদ্ধ লতা—কটা ৰণৰ উদ্দেশ্য কি আছিল ?
(ক) ব্ৰহ্মদেশৰ মান সেনাৰ বিৰুদ্ধে যুদ্ধ
(খ) হাবিৰ গছ, লতা, বন কাটি পথ মোকলোৱা
(গ) মণিপুৰৰ ৰজা জয় সিংহক আহোম সেনাই সহায় আগবঢ়োৱা
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (গ) মণিপুৰৰ ৰজা জয় সিংহক আহোম সেনাই সহায় আগবঢ়োৱা
৯১। আহোম পুৰোহিতসকলে সম্ৰান্ত শ্ৰেণীৰ সন্তানক টাই ভাষাত ধর্ম সংক্রান্তীয় শিক্ষা আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিয়ম সম্পর্কে শিক্ষা দিয়া শিক্ষানুষ্ঠানটোৰ নাম কি ?
(ক) টোল
(খ) পঢ়াশালি
(গ) চাং
(ঘ) শিঙৰি ঘৰ
উত্তৰ : (গ) চাং
৯২। অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি কোন আছিল ?
(ক) গোপীনাথ বৰদলৈ
(খ) তৰুণৰাম ফুকনে
(গ) লক্ষ্মীনাথ বেজবৰুৱা
(ঘ) অম্বিকাগিৰী ৰায় চৌধুৰী
উত্তৰ : (খ) তৰুণৰাম ফুকনে
৯৩। আহোমৰ শাসনৰ সময়ত দেশৰ আয়-ব্যয় আৰু মাটিৰ হিচাপ ৰখাৰ দায়িত্ব কাৰ ওপৰত দিয়া হৈছিল ?
(ক) কটকীসকলৰ ওপৰত
(খ) কাকতিসকলৰ ওপৰত
(গ) গণকসকলৰ ওপৰত
(ঘ) বৰফুকনৰ ওপৰত
উত্তৰ : (খ) কাকতিসকলৰ ওপৰত
৯৪। ১৭৯৫ চনত সংঘটিত দন্দুৱা দ্ৰোহৰ সময়ত আহোম সেনাৰ বৰফুকন কোন আছিল ?
(ক) কলিয়াভোমোৰা বৰফুকন
(খ) লাচিত বৰফুকন
(গ) বদন বৰফুকন
(ঘ) লাঙি পানীসিয়া ফুকন
উত্তৰ : (ক) কলিয়াভোমোৰা বৰফুকন
৯৫। ১৭৯৫ চনত সংঘটিত দন্দুৱা দ্ৰোহৰ সময়ত আহোম সেনাৰ বৰফুকন কোন আছিল ?
(ক) কলিয়াভোমোৰা বৰফুকন
(খ) লাচিত বৰফুকন
(গ) বদন বৰফুকন
(ঘ) লাঙি পানীসিয়া ফুকন
উত্তৰ : (ক) কলিয়াভোমোৰা বৰফুকন
৯৬। মোৱামৰীয়া বিদ্ৰোহৰ তৎকালীন কাৰণটো কি ?
(ক) মোৱামৰীয়া মহন্ত তথা শিষ্যসকলক কীর্তিচন্দ্ৰ বৰবৰুৱাই কৰা অপমানজনক ব্যৱহাৰ
(খ) বজা ফুলেশ্বৰীয়ে মোৱামৰীয়া মহন্তক কৰা অপমান
(গ) মোৱামৰীয়াসকলৰ নেতাক হত্যা কৰা
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) মোৱামৰীয়া মহন্ত তথা শিষ্যসকলক কীর্তিচন্দ্ৰ বৰবৰুৱাই কৰা অপমানজনক ব্যৱহাৰ
৯৭। আহোম স্বৰ্গদেউ আৰু ডা-ডাঙৰীয়াসকলৰ মৃত্যু হ'লে মৃতকৰ অস্থি গংগা আৰু অন্যান্য তীর্থস্থানসমূহত লগাবলৈ দায়িত্ব দিয়া বিশেষ খেলটোৰ নাম কি ?
(ক) বৈৰাগী
(খ) খাউণ্ড
(গ) ব্রাহ্মণ
(ঘ) দলৈ
উত্তৰ : (খ) খাউণ্ড
৯৮। ঐতিহাসিক ঘিলাঝাৰীঘাটৰ সন্ধি কেতিয়া হৈছিল ?
(ক) ১৬৬৩ চনৰ ২২ জানুৱাৰী
(খ) ১৬৬৪ চনৰ ২৪ জানুৱাৰী
(গ) ১৬৬৫ চনৰ ২৬ জানুৱাৰী
(ঘ) ১৬৬৬ চনৰ ২৮ জানুৱাৰী
উত্তৰ : (ক) ১৬৬৩ চনৰ ২২ জানুৱাৰী
৯৯। '৪২ ৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া অসমীয়া ব্যক্তিজন কোন ?
(ক) মুকুন্দ কাকতি
(খ) কুশল কোঁৱৰ
(গ) মদন ৰাওতা
(ঘ) পিয়লি বৰফুকন
উত্তৰ : (খ) কুশল কোঁৱৰ
১০০। আহোম স্বৰ্গদেউ আৰু অন্যান্য ঠাইৰ ৰজা মহাৰজাসকলৰ লগত সংযোগ স্থাপন কৰা আৰু চিঠিপত্ৰ অনা নিয়াৰ দায়িত্ব পালন কৰা বিশেষ শ্ৰেণীটো কি ?
(ক) বৈৰাগী
(খ) কাকতী
(গ) ভাট
(ঘ) কটকী
উত্তৰ : (ঘ) কটকী
Social Plugin