Type Here to Get Search Results !

ADD

Assam History- 3



১০১। মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল ?


(ক) ১৯২১ চনৰ আগষ্ট মাহত


(খ) ১৯২৩ চনৰ আগষ্ট মাহত


(গ) ১৯২৫ চনৰ জুলাই মাহত


(ঘ) ১৯২৭ চনৰ ছেপ্তেম্বৰ মাহত


উত্তৰ : (ক) ১৯২১ চনৰ আগষ্ট মাহ


১০২। শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল ?


(ক) মোমাই তামুলী বৰবৰুৱা


(খ) গোমধৰ কোঁৱৰ


(গ) লাঙি গদাপানি 


(ঘ) লাচিত বৰফুকন 


উত্তৰ : (ঘ) লাচিত বৰফুকন 


১০৩। মোগলে প্রথম অসম আক্ৰমণ কেতিয়া কৰিছিল ?


(ক)১২০৬ খ্ৰীঃত 


(খ) ১২২০ খ্রীঃত


(গ) ১২৩১ খ্ৰীঃত  


(ঘ) ১২৪১ খ্ৰীঃত 


উত্তৰ : (ক) ১২০৬ খ্ৰীঃত 


১০৪। 'অসমীয়া ভাষা উন্নতি সাধিনী সভা'ৰ জন্ম কেতিয়া ক'ত হৈছিল ?


(ক) ১৮৮৬ চনৰ ২২ আগষ্ট


(খ) ১৮৮৮ চনৰ ২৫ আগষ্ট


(গ) ১৮৮৭ চনৰ ২৩ আগষ্ট


(ঘ) ১৮৮৯ চনৰ ২৬ আগষ্ট


উত্তৰ : (খ) ১৮৮৮ চনৰ ২৫ আগষ্ট


১০৫। মোগলে কেইবাৰ অসম আক্ৰমণ কৰে ?


(ক) ১৫ বাৰ


(খ) ১৭ বাৰ


(গ) ২০ বাৰ


(ঘ) ২৫ বাৰ


উত্তৰ : (খ) ১৭ বাৰ




১০৬। ট্রাইবেল লীগ নামৰ সংগঠনটো গঠন কেতিয়া হৈছিল ?


(ক) ১৯৫০ চনত


(খ) ১৯৪৭ চনত


(গ) ১৯৪২ চনত 


(ঘ) ১৯৩৩ চনত


উত্তৰ : (ঘ) ১৯৩৩ চনত


১০৭। কোন চনত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল ?


(ক) ১৭৫১ চনৰ পৰা 


(খ) ১৭৬৬ চনৰ পৰা


(গ) ১৭৬৯ চনৰ পৰা 


(ঘ) ১৭৭৯ চনৰ পৰা


উত্তৰ : (গ) ১৭৬৯ চনৰ পৰা  


১০৮। '৪২ ৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে কনকলতাৰ লগতে ছহিদ হোৱা যুৱকজন কোন ? 


(ক) মুকুন্দ কাকতি 


(খ) কুশল কোঁৱৰ


(গ) মদন ৰাওতা  


(ঘ) মণিৰাম দেৱান 


উত্তৰ : (ক) মুকুন্দ কাকতি 


১০৯। অসম বুৰঞ্জীত কাৰ বিদ্ৰোহক দন্দুৱা দ্রোহ' বুলি কোৱা হয় ? 


(ক) গোমধৰ কোঁৱৰৰ বিদ্ৰোহক 


(খ) বদন বৰফুকনৰ বিদ্ৰোহক 


(গ) হৰদত্ত আৰু বীৰদত্তৰ বিদ্ৰোহক 


(ঘ) লেচাই কোঁৱৰৰ বিদ্ৰোহক 


উত্তৰ : (গ) হৰদত্ত আৰু বীৰদত্তৰ বিদ্ৰোহক 


১১০। স্বৰ্গদেউ শিৱ সিংহ কিয় ৰাজপাটত উঠা নাছিল ?


(ক) তেওঁ ৰজা হোৱাৰ যোগ্য


(খ) তেওঁ অসুখীয়া কাৰণে


(গ) ৰজাঘৰীয়া দৈৱজ্ঞ‍ই ভৱিষ্যৎবাণী কৰা কাৰণে


(ঘ) ওপৰৰ এটাও নহয়


উত্তৰ : (গ) ৰজাঘৰীয়া দৈৱজ্ঞই ভৱিষ্যৎবাণী কৰা কাৰণে 




১১১। আহোমৰ শাসনত সম্ভ্রান্তসকলে কিহত উঠি ঘূৰা ফুৰা কৰিব পাৰিছিল ?


(ক) ঘোঁৰাত


(খ) দোলাত


(গ) হাতীত


(ঘ) পাল্কিত


উত্তৰ : (খ) দোলাত


১১২। চিপাহী বিদ্রোহত জড়িত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচী দিয়া অসমীয়া নেতাজন কোন আছিল ?


(ক) কুশল কোঁৱৰ


(খ) মণিৰাম দেৱান


(গ) পিয়লি ফুকন


(ঘ) জিউৰাম বৰুৱা


উত্তৰ : (খ) মণিৰাম দেৱান


১১৩। আহোমসকলৰ দিনত গান-বাদ্য আদি পৰিচালনা কৰিবৰ বাবে এজন বিষয়া নিযুক্তি দিয়া হৈছিল। তেওঁ কোন ?


(ক) বায়ন


(খ) গায়ন বৰুৱা


(গ) হাতীবৰুৱা


(ঘ) দেৱদাস


উত্তৰ : (খ) গায়ন বৰুৱা 


১১৪। আহোমৰাজ দিহিঙীয়া ৰজাৰ দিনত ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰাৰ অপৰাধত দোষী সাব্যস্ত হৈ নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যাব লগা হোৱা অসমৰ ব্যক্তিজন কোন? 


(ক) শংকৰদেৱ 


(খ) গদাপাণি


(গ) লালুকসোলা বৰফুকন 


(ঘ) ওপৰৰ এটাও নহয় 


উত্তৰ : (ক) শংকৰদেৱ


১১৫। আহোমৰ শাসনকালত ৰাজ্যৰ বনজ সম্পদৰ ওপৰত তদাৰক কৰিবলৈ নিযুক্ত কৰা বিষয়া দুজন কোন ?


(ক) বৰফুকন আৰু বৰগোহাই 


(খ) হাবিয়াল বৰুৱা আৰু কাঠকটীয়া বৰুৱা 


(গ) গোহাঁই আৰু গগৈ


(ঘ) বৰবৰুৱা আৰু বৰুৱা


উত্তৰ : (খ) হাবিয়াল বৰুৱা আৰু কাঠকটীয়া বৰুৱা 




১১৬। শৰাইঘাটৰ যুদ্ধত মুছলমানৰ সেনাপতি কোন আছিল ?


(ক) ৰাম সিংহ


(খ) মীৰজুমলা 


(গ) হুছেইন ছাহ


(ঘ) এটাও নহয়


উত্তৰ : (ক) ৰাম সিংহ


১১৭। আহোম আৰু কছাৰীৰ মাজত সংঘটিত প্ৰথমখন যুদ্ধ কোনজনা আহোম ৰজাৰ দিনত হৈছিল ?


(ক) চুদাংফা


(খ) চুহুংমুং


(গ) চুতেউফা


(ঘ) চুলিকফা


উত্তৰ : (খ) চুহুংমুং


১১৮। প্রথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্র প্রতিনিধিজন কোন আছিল ?


(ক) গোপীনাথ বৰদলৈ 


(খ) তৰুণৰাম ফুকন 


(গ) চন্দ্ৰধৰ বৰুৱা 


(ঘ) অম্বিকাগিৰী ৰায় চৌধুৰী


উত্তৰ : (গ) চন্দ্ৰধৰ বৰুৱা 


১১৯। কোনখন যুদ্ধত অসমীয়া বীৰাংগণা মূলা গাভৰুৱে শত্ৰুৰ বিৰুদ্ধে যুদ্ধত জঁপিয়াই পৰিছিল ?


(ক) মুছলমানৰ তৃতীয় আক্ৰমণত


(খ) মুছলমানৰ চতুৰ্থ আক্ৰমণত


(গ) মুছলমানৰ পঞ্চম আক্ৰমণত


(ঘ) মুছলমানৰ সপ্তম আক্ৰমণত


উত্তৰ : (ক) মুছলমানৰ তৃতীয় আক্ৰমণত


১২০। ’৪২ ৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওতে ছহিদ হোৱা কিশোৰীজনী কোন ?


(ক) ভোগেশ্বৰী ফুকননী 


(খ) কনকলতা


(গ) নুমলী নাথ


(ঘ) খহুলি নাথ


উত্তৰ : (খ) কনকলতা




১২১। অসমত ‘হালোৱা সংঘ' নামৰ সংগঠনটো কেতিয়া গঠিত হৈছিল ?


(ক) ১৯৩০ চনত


(খ) ১৯৩২ চনত


(গ) ১৯৩৪ চনত 


(ঘ) ১৯৩৬ চনত 


উত্তৰ : (ঘ) ১৯৩৬ চনত


১২২। ১৮৩০ চনৰ আগষ্ট মাহত শিৱসাগৰ পুখুৰী পাৰত কোন দুজন ব্যক্তিক ইংৰাজে ফাঁচি দিছিল ?


(ক) পিয়লি ফুকন আৰু জীউৰাম বৰুৱা


(খ) মণিৰাম দেৱান আৰু কুশল কোঁৱৰ


(গ) কনকলতা আৰু মুকুন্দ কাকতি


(ঘ) ওপৰৰ এটাও নহয়


উত্তৰ : (ক) পিয়লি ফুকন আৰু জীউৰাম বৰুৱা


১২৩। অসমত ‘হালোৱা সংঘ' নামৰ সংগঠনটো কাৰ সভাপতিত্বত গঠিত হৈছিল ?


(ক) নীলমণি ফুকন


(খ) তৰুণৰাম ফুকন


(গ) লক্ষ্মীনাথ বেজবৰুৱা


(ঘ) অম্বিকাগিৰী ৰায় চৌধুৰী


উত্তৰ : (ক) নীলমণি ফুকন


১২৪। কোন চনত অসমত জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল ?


(ক) ১৯২৬ চনত


(খ) ১৯২৭ চনত 


(গ) ১৯২৮ চনত


(ঘ) ১৮২৩ চনত


উত্তৰ : (ক) ১৯২৬ চনত


১২৫। মানৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল ?


(ক) ১৮১৬ চনত


(খ) ১৮১৭ চনত


(গ) ১৮২২ চনত


(ঘ) ১৮২৩ চনত


উত্তৰ : (খ) ১৮১৭ চনত


১২৬। তলৰ কোনটো ঘটনাৰে আহোমৰ শাসনৰ অন্ত পেলাইছিল


(ক) শৰাইঘাটৰ যুদ্ধ


(খ) মোৱামৰীয়া বিদ্রোহ


(গ) মানৰ আক্ৰমণ


(ঘ) লতা-কটা ৰণ


উত্তৰ : (গ) মানৰ আক্ৰমণ


১২৭। যোৰহাট সার্বজনিক সভাৰ জন্ম কেতিয়া হৈছিল ?


(ক) ১৮৫৭ চনৰ ১২ জুলাইত


(খ) ১৮৮৬ চনৰ ২ জুনত


(গ) ১৮৯৭ চনৰ ১২ মে'ত


(ঘ) ১৯০১ চনৰ ১৫ আগষ্টত 


উত্তৰ : (খ) ১৮৮৬ চনৰ ২ জুনত


১২৮। ‘অসম চুতীয়া সন্মিলনৰ কেতিয়া জন্ম হয় ? 


(ক) ১৯২৪ চনৰ ১০ মাৰ্চত 


(খ) ১৯২৫ চনৰ ১০ এপ্রিলত 


(গ) ১৯২৬ চনৰ ১৫ আগষ্টত 


(ঘ) ১৯৩০ চনৰ ১৫ আগষ্টত


উত্তৰ : (খ) ১৯২৫ চনৰ ১০ এপ্ৰিলত 


১২৯। অসম প্রাদেশিক কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল ?


(ক) ১৮৫৭ চনৰ ৬ মাৰ্চত


(খ) ১৮৯৭ চনৰ ৫ জুলাইত


(গ) ১৯২১ চনৰ ৫ জুনত


(ঘ) ১৯৪২ চনৰ ৭ মে'ত


উত্তৰ : (গ) ১৯২১ চনৰ ৫ জুনত


১৩০। অসমত অনুষ্ঠিত ৪১ তম জাতীয় কংগ্ৰেছৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল ?


(ক) গোপীনাথ বৰদলৈ 


(খ) মহাত্মা গান্ধী 


(গ) শ্রীনিবাস আয়েংগাৰ 


(ঘ) জৱাহৰলাল নেহৰু 


উত্তৰ : (গ) শ্রীনিবাস আয়েংগাৰ




১৩১। সকলো বৈষ্ণৱ সত্ৰৰ দেৱালয়ৰ মূৰ্তি ব্ৰহ্মপুত্ৰত পেলাই দি তাৰ ঠাইত শিল আৰু পিতলৰ প্ৰতিমা স্থাপন কৰিবলৈ কোৱা আহোমৰ শাসনকৰ্তাজন কোন ?


(ক) গদাধৰ সিংহ


(খ) গৌৰী নাথ সিংহ


(গ) বৰজা ফুলেশ্বৰী 


(ঘ) ৰাজেশ্বৰ সিংহ


উত্তৰ : (গ) বৰজা ফুলেশ্বৰী


১৩২। মূলা গাভৰু কোন আছিল ? 


(ক) ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী 


(খ) ৰাজেশ্বৰ সিংহৰ পত্নী


(গ) ৰুদ্ৰসিংহৰ ভগ্নী


(ঘ) আতন বুঢ়াগোহাইৰ কন্যা


উত্তৰ : (ক) ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী


১৩৩। আহোম যুগত অসমীয়া বেপাৰীয়ে মোগল ব্যৱসায়ীৰ লগত পাটমুগা কাপোৰ সলাই কি সংগ্রহ কৰিছিল ?


(ক) সোণ


(খ) খাৰবাৰুদ


(গ) নিমখ


 (ঘ) গুড়


উত্তৰ : (গ) নিমখ


১৩৪। আহোমৰ শাসন ব্যৱস্থাত উজনি অসমৰ প্ৰধান কার্যবাহী বিষয়াজন কোন ?


(ক) বৰফুকন


(খ) বৰগোহাই


(গ) বুঢ়াগোহাই


(ঘ) বৰবৰুৱা


উত্তৰ : (ঘ) বৰবৰুৱা


১৩৫। কোনজন আহোম স্বৰ্গদেউৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল ?


(ক) চুক্লেনমুং গড়গঞা ৰজাৰ দিনত


(খ) ৰুদ্ৰ সিংহৰ দিনত


(গ) চক্ৰধ্বজ সিংহৰ দিনত


(ঘ) ওপৰৰ এটাও নহয়


উত্তৰ : (ক) চুক্লেনমুং গড়গঞা ৰজাৰ দিনত




১৩৬। কোনগৰাকী ৰজাৰ দিনত অসমত সাংগঠনিক ৰূপত পাইক প্ৰথাৰ প্ৰবৰ্তন কৰা হয় ?


(ক) প্ৰতাপ সিংহৰ দিনত 


(খ) ৰুদ্ৰসিংহৰ দিনত


(গ) গদাধৰ সিংহৰ দিনত 


(ঘ) লক্ষ্মীসিংহৰ দিনত 


উত্তৰ : (ক) প্ৰতাপ সিংহৰ দিনত


১৩৭। ঘিলাঝাৰী ঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ? 


(ক) আহোম আৰু মোগল সেনাৰ মাজত


(খ) আহোম আৰু মান সকলৰ মাজত 


(গ) আহোম আৰু কছাৰীসকলৰ মাজত


(ঘ) আহোম আৰু বৰাহীসকলৰ মাজত


উত্তৰ : (ক) আহোম আৰু মোগল সেনাৰ মাজত


১৩৮। ৰজাৰ প্ৰতিনিধি হিচাপে গুৱাহাটীত থকা আহোম ৰজাৰ বিষয়াজন কোন ?


(ক) বৰবৰুৱা 


(খ) বৰফুকন


(গ) বৰগোহাই 


(ঘ) বুঢ়াগোহাই 


উত্তৰ : (খ) বৰফুকন 


১৩৯। কোনখন যুদ্ধৰ অন্তত হোৱা সন্ধিমতে আহোম ৰজা জয়ধ্বজ সিংহই নিজ কন্যাক যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মোগল দৰবাৰলৈ পঠাব লগা হয়? 


(ক) ঘিলাঝাৰী ঘাটৰ সন্ধি 


(খ) ইয়াণ্ডাবু সন্ধি 


(গ) ভৰলীঘাটৰ সন্ধি 


(ঘ) পথৰুঘাটৰ সন্ধি 


উত্তৰ : (ক) ঘিলাঝাৰী ঘাটৰ সন্ধি 


১৪০। কোনখন যুদ্ধৰ পাছত সেই সময়ৰ চুটিয়া ৰাজ্যখন আহোম ৰাজ্যৰ অন্তর্ভুক্ত হয় ?


(ক) চেচামুখৰ যুদ্ধ 


(খ) চাওদাংগিৰিৰ যুদ্ধ 


(গ) মাথোদাঙৰ যুদ্ধ 


(ঘ) এটাও শুদ্ধ নহয়


উত্তৰ : (গ) মাথোদাঙৰ যুদ্ধ  




১৪১। ‘খেল প্রথা'ৰ মাধ্যমেৰে আহোম ৰজাসকলে সমাজৰ কি কি উদ্দেশ্য সাধন কৰিব বিচাৰিছিল  ?


(ক) ৰজা নির্বাচন কৰিছিল 


(খ) পাইকসকলক সংগঠিত কৰিছিল 


(গ) বিভিন্ন ধৰণৰ খেল-ধেমালিৰ ব্যৱস্থা কৰিছিল 


(ঘ) যুদ্ধৰ বাবে সেনাপতি নির্বাচন কৰিছিল 


উত্তৰ : (খ) পাইকসকলক সংগঠিত কৰিছিল 


১৪২। অসমত ‘দাস প্রথা’ কেতিয়া বিলোপ কৰা হয়?


(ক) ১৮৪১ চনত 


(খ) ১৮৪৩ চনত


(গ) ১৮৪৫ চনত 


(ঘ) ১৮৪৭ চনত


উত্তৰ :  (খ) ১৮৪৩ চনত  


১৪৩। ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা (১৮২৮ চনত) প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি ? 


(ক) গোমধৰ কোঁৱৰ 


(খ) কুশল কোঁৱৰ 


(গ) গৌৰীনাথ সিংহ 


(ঘ) মোহনমালা গোহাই 


উত্তৰ : (ক) গোমধৰ কোঁৱৰ 


১৪৪। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?


(ক) শৰাইঘাটৰ ৰণ


(খ) ইটাখুলি ৰণ


(গ) ঘিলাঝাৰী ঘাটৰ ৰণ


(ঘ) পথৰুঘাটৰ ৰণ


উত্তৰ : (খ) ইটাখুলি ৰণ


১৪৫। কিমান চনত চুকাফাই চৰাইদেউত স্থায়ী ৰাজধানীৰ ভেটি স্থাপন কৰিছিল ?


(ক) ১২৫০ খ্রীঃত


(খ) ১২৫৩ খ্রীঃত


(গ) ১২৫৫ খ্রীঃত


(ঘ) ১২৬০ খ্রীঃত


উত্তৰ : (খ) ১২৫৩ খ্ৰীঃত




১৪৬। ইংগ-বর্মী যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল ? 


(ক) ৰুছ আৰু জাপানৰ মাজত 


(খ) ইংৰাজ আৰু মানৰ মাজত 


(গ) ভাৰত আৰু আহোমৰ মাজত 


(ঘ) ভাৰত আৰু চীনৰ মাজত 


উত্তৰ : (খ) ইংৰাজ আৰু মানৰ মাজত

Top Post Ad

Below Post Ad

Ads Area