Type Here to Get Search Results !

ADD

Assam Polity-1


১। অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকী কোন আছিল ? 

(ক) শৰৎ চন্দ্ৰ সিংহ
(খ) মহেন্দ্ৰ মোহন চৌধুৰী 
(গ) গোলাপ বৰবৰা
(ঘ) প্ৰফুল্ল কুমাৰ মহন্ত
উত্তৰ : (গ) গোলাপ বৰবৰা 

২। ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদমতে ৰাজ্যিক বিধানসভাৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন সদস্য সংখ্যা নিৰ্ধাৰণ কৰা হৈছে? 
(ক) ১৫৮ নং অনুচ্ছেদ 
(খ) ১৬০ নং অনুচ্ছেদ 
(গ) ১৮০ নং অনুচ্ছেদ 
(ঘ) ১৭০ নং অনুচ্ছেদ 
উত্তৰ : (ঘ) ১৭০ নং অনুচ্ছেদ 

৩। ভাৰতীয় সংবিধান ৰচনা উপসমিতিত সদস্য হোৱা প্ৰথম গৰাকী অসমীয়া ব্যক্তি কোন? 
(ক) গোপীনাথ বৰদলৈ 
(খ) মাণিক চন্দ্ৰ বৰুৱা 
(গ) চৈয়দ মহম্মদ ছাদুল্লা 
(ঘ) তৰুণ ৰাম ফুকন
উত্তৰ : (গ) চৈয়দ মহম্মদ ছাদুল্লা 

৪। অসমত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কেতিয়া বলবৎ কৰা হৈছিল ?
(ক) ১৯৮২ চনত
(খ) ১৯৮৫ চনত
(গ) ১৯৯০ চনত
(ঘ) ১৯৯২ চনত
উত্তৰ: (গ) ১৯৯০ চনত

৫। অসম বিধান সভাৰ মুঠ ১২৬টা সমষ্টিৰ ভিতৰত কেইটা সমষ্টি অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত ?
(ক) ১০ টা 
(খ) ১২ টা
(গ) ১৪ টা
(ঘ) ১৬ টা
উত্তৰ : (গ) ১৪ টা

৬। ১৯৩০ চনত অনুষ্ঠিত লণ্ডনৰ ‘ঘূৰণীয়া মেজমেল ত প্রতিনিধিত্ব কৰা অসমীয়া ব্যক্তিগৰাকী কোন ?

(ক) গোপীনাথ বৰদলৈ
(খ) দেৱকান্ত বৰুৱা
(গ) মণিৰাম দেৱান
(ঘ) চন্দ্ৰধৰ বৰুৱা
উত্তৰ : (ঘ) চন্দ্ৰধৰ বৰুৱা 

৭। অসম বিধান সভাৰ প্ৰথম মহিলা উপাধ্যক্ষাগৰাকী কোন ?
(ক) ৰেণুপমা ৰাজখোৱা 
(খ) বনেলি খংমেন
(গ) প্ৰণতি ফুকন
(ঘ) ৰেণুকা দেৱী বৰকটকী
উত্তৰ : (খ) বনেলি খংমেন 

৮। অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কিমান চনত বলবৎ কৰা হৈছিল ?
(ক) ১৯৭৪ চনত
(খ) ১৯৭৯ চনত
(গ) ১৯৯০ চনত
(ঘ) ১৯৯৫ চনত
উত্তৰ: (খ) ১৯৭৯ চনত

৯। তলৰ কোনগৰাকী ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত বিধানসভাৰ সদস্য নাছিল ?
(ক) মহেন্দ্ৰ মোহন চৌধুৰী 
(খ) বিমলা প্ৰসাদ চলিহা 
(গ) যোগেন্দ্রনাথ হাজৰিকা 
(ঘ) হিতেশ্বৰ শ‍ইকীয়া 
উত্তৰ : (খ) বিমলা প্ৰসাদ চলিহা

১০। অসমৰ কোনগৰাকী ব্যক্তিয়ে প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল ৰূপে (তামিলনাডুত, ১৯৫৮ চনত) কাৰ্যনিৰ্বাহ কৰিছিল ?
(ক) বিষ্ণুৰাম মেধি
(খ) হিতেশ্বৰ শ‍ইকীয়া
(গ) মহেন্দ্ৰ মোহন চৌধুৰী 
(ঘ) বিমলাপ্ৰসাদ চলিহা 
উত্তৰ : (ক) বিষ্ণুৰাম মেধি 

১১। অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল ?
(ক) মীৰা শৰ্মা
(খ) হলীৰাম ডেকা
(গ) গৌৰীশংকৰ ভট্টাচাৰ্য্য 
(ঘ) পার্বতী প্রসাদ গোস্বামী 
উত্তৰ : (খ) হলীৰাম ডেকা 

১২। তলৰ কোনগৰাকী প্ৰখ্যাত অসমীয়া ৰাজনীতিবিদে অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ উপৰিও অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল ?
(ক) দেৱকান্ত বৰুৱা
(খ) হেম বৰুৱা
(গ) নবীনচন্দ্ৰ বৰদলৈ
(ঘ) ওপৰৰ এজনো নহয়
উত্তৰ : (খ) হেম বৰুৱা

১৩। বিধান সভাৰ অধ্যক্ষক কোনে নির্বাচন কৰে ?
(ক) বিধানসভাৰ সদস্যসকলে
(খ) ৰাজ্যপালে
(গ) মুখ্যমন্ত্ৰীয়ে
(ঘ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে
উত্তৰ: (ক)বিধানসভাৰ সদস্যসকলে

১৪ । সংবিধানৰ ২৪৪(১) আৰু ২৭৫ (২) অনুচ্ছেদ অনুসৰি আৰু ষষ্ঠ অনুসূচীত উল্লেখ থকা স্বায়ত্তশাসিত জিলা প্ৰশাসনৰ বাবে কোনজন প্ৰশাসনীয় মুৰব্বীক বিশেষ ক্ষমতা প্রদান কৰা হৈছে ?
(ক) ৰাষ্ট্ৰপতিক
(খ) প্রধানমন্ত্রীক
(গ) ৰাজ্যপালক
(ঘ) বিধান সভাৰ অধ্যক্ষক
উত্তৰ : (গ) ৰাজ্যপালক

১৫। ১৯২৯ চনত ব্যৱস্থাপক সভালৈ নিৰ্বাচিত হৈ মন্ত্ৰিত্ব পদ লাভ কৰা অসমীয়া ব্যক্তিগৰাকী কোন ?
(ক) মাণিক চন্দ্ৰ বৰুৱা 
(খ) কনকলাল বৰুৱা
(গ) তৰুণৰাম ফুকন 
(ঘ) গোপীনাথ বৰদলৈ
উত্তৰ : (খ) কনকলাল বৰুৱা

১৬। সৰ্বপ্ৰথম ভাৰতৰ কেন্দ্ৰীয় মন্ত্রীসভাত অসমীয়া মহিলা মন্ত্রী কোন আছিল ?
(ক) মেভিচ ড্যান
(খ) চন্দ্ৰপ্ৰভা শ‍ইকীয়ানী
(গ) চৈয়দা আনোৱাৰা টাইমুৰ
(ঘ) ৰেণুকা দেৱী বৰকটকী
উত্তৰ : (ঘ) ৰেণুকা দেৱী বৰকটকী।

১৭। ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স হ'ব লাগে-

(ক) ২৫ বছৰ
(খ) ৩০ বছৰ
(গ) ৩৫ বছৰ
(ঘ) ৪০ বছৰ
উত্তৰ : (গ) ৩৫ বছৰ

১৮। অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ লোক বাস কৰা অঞ্চলৰ বাবে স্বায়ত্ত শাসন প্ৰবৰ্তনৰ ব্যৱস্থা কৰিব পৰা বিশেষ ক্ষমতা কাৰ হাতত আছে?
(ক) ৰাষ্ট্ৰপতিৰ
(খ) প্রধানমন্ত্ৰীৰ
(গ) ৰাজ্যপালৰ
(ঘ) বিধান সভাৰ অধ্যক্ষৰ
উত্তৰ : (গ) ৰাজ্যপালৰ

১৯। ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হ'ল—

(খ) মুখ্য মন্ত্ৰী
(ক) ৰাজ্যপাল
(গ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
(ঘ) ৰাষ্ট্ৰপতি 
উত্তৰ : (ক) ৰাজ্যপাল

২০। অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল?

(ক) হেমপ্ৰভা শ‍ইকীয়া 
(খ) বনেলি খংমেন
(গ) মেভিচ ড্যান
(ঘ) ৰেণুকা দেৱী বৰকটকী
উত্তৰ : (খ) বনেলি খংমেন

২১। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
(ক) ১৯৭৯ চনৰ ২৫ আগষ্টত
(খ) ১৯৮৯ চনৰ ২০ আগষ্টত
(গ) ১৯৯০ চনৰ ১২ আগষ্টত
(ঘ) ১৯৮৫ চনৰ ১৫ আগষ্টত
উত্তৰ: (ঘ) ১৯৮৫ চনৰ ১৫ আগষ্টত 

২২। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ গৰাকী কোন ?
(ক) ৰূপম কুৰ্মী
(খ) মীৰা শৰ্মা
(গ) মেভিচ ড্যান
(ঘ) ৰেণুকা দেৱী বৰকটকী
উত্তৰ ঃ (খ) মীৰা শৰ্মা 

২৩। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শহীদ কোন আছিল ?

(ক) মণিৰাম দেৱান
(খ) কুশল কোঁৱৰ 
(গ) পিয়লি ফুকন
(ঘ) কনকলতা
উত্তৰ: (গ) পিয়লি ফুকন

২৪। মুখ্য মন্ত্ৰীক কোনে নিযুক্তি দিয়ে ?
(ক) ৰাজ্যপালে
(খ) ৰাষ্ট্ৰপতিয়ে
(গ) প্রধান মন্ত্ৰীয়ে
(ঘ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে 
উত্তৰঃ (ক) ৰাজ্যপালে

২৫। অসমৰ প্ৰথমগৰাকী ৰাজ্যপালৰ নাম কি ?

(ক) হেনৰী যোছেফ টুইনাম 
(খ) ৰবাৰ্ট নীল ৰেইড 
(গ) এনড্রিউ গৌৰলে ক্ল’ 
(ঘ) হেনৰী ফ’লি নাইট 
উত্তৰঃ (ক) হেনৰী যোছেফ টুইনাম 

২৬। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে ?
(ক) ৬৫ বছৰ বয়সত
(খ) ৫৮ বছৰ বয়সত 
(গ) ৬০ বছৰ বয়সত
(ঘ) ৬২ বছৰ বয়সত 
উত্তৰ ঃ (ক) ৬৫ বছৰ বয়সত

২৭। বিধান সভাৰ অধিবেশন অনুষ্ঠিত কৰিবৰ বাবে কিমান সংখ্যক সদস্য উপস্থিত থাকিব লাগে ?

(ক) এক পঞ্চমাংশ
(খ) দুই তৃতীয়াংশ
(গ) এক দশমাংশ
(ঘ) এক চতুর্থাংশ
উত্তৰঃ (গ) এক দশমাংশ।

২৮। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকী কোন আছিল ?

(ক) গোপীনাথ বৰদলৈ
(খ) বিষ্ণুৰাম মেধি
(গ) ছাৰ চালেহ মহম্মদ আকবৰ হাইদৰী
(ঘ) ফখৰুদ্দিন আলি আহমেদ
উত্তৰ: (গ) ছাৰ চালেহ মহম্মদ আকবৰ হাইদৰী

২৯। জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম কি?

(ক) গোপীনাথ বৰদলৈ 
(খ) নবীন চন্দ্ৰ বৰদলৈ
(গ) দেৱকান্ত বৰুৱা  
(ঘ) তৰুণ ৰাম ফুকন 
উত্তৰ : (গ) দেৱকান্ত বৰুৱা ৷

৩০। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন ?

(ক) শৰৎ চন্দ্ৰ সিংহ 
(খ) তৰুণৰাম ফুকন 
(গ) চৈয়দ ছাৰ মহম্মদ ছাদুল্লা 
(ঘ) গোপীনাথ বৰদলৈ 
উত্তৰ : (ঘ) গোপীনাথ বৰদলৈ ।

৩১। অসমৰ ৰাজ্যসভাৰ আসন কেইখন ?

(ক) ৭ খন
(খ) ৬ খন
(গ) ৬ খন
(ঘ) ৮ খন
উত্তৰ : (ক) ৭ খন

৩২। অসম বিধান সভাৰ মুঠ ১২৬টা সমষ্টিৰ অন্তৰ্গত অনুসূচিত জাতিৰ সদস্যৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা কিমান?

(ক) ৫ টা
(খ) ৬ টা
(গ) ৭ টা
(ঘ) ৮ টা
উত্তৰ : (গ) ৭ টা

৩৩। গুৱাহাটী পৌৰনিগম কেতিয়া স্থাপন কৰা হয়?
(ক) ১৯৭০ চনত
(খ) ১৯৭২ চনত
(গ) ১৯৭৪ চনত
(ঘ) ১৯৮০ চনত
উত্তৰ : (গ) ১৯৭৪ চনত

৩৪। অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীৰ নাম কি?

(ক) ৰূপম কুৰ্মী
(খ) লক্ষী ওৰাং 
(গ) দময়ন্তী মুণ্ডা
(ঘ) সাধনী কৰ্মকাৰ                            
উত্তৰ : (ক) ৰূপম কুৰ্মী

৩৫। অসমৰ লোক সভাৰ আসন কেইখন ?

(ক) ১২ খন
(খ) ১৪ খন
(গ) ১৬ খন
(ঘ) ১৮ খন
উত্তৰ: (খ) ১৪ খন

৩৬। অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল ?
(ক) গোপীনাথ বৰদলৈ
(খ) ফখৰুদ্দিন আলি আহমদ
(গ) হেম বৰুৱা
(ঘ) সুৰেন বুঢ়াগোহাঞি
উত্তৰ: (ঘ) সুৰেন বুঢ়াগোহাঞি 

৩৭। গুৱাহাটী পৌৰনিগমৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান ?
(ক) ৫০ জন
(খ) ৬০ জন
(গ) ৬৫ জন
(ঘ) ৭০ জন
উত্তৰ : (খ) ৬০ জন

৩৮। অসমৰ প্ৰথম উচ্চ ন্যায়ালয় (গুৱাহাটী হাইকোর্ট) কিমান চনত স্থাপিত হয় ?
(ক) ১৯৪৮ চনত
(খ) ১৯৫০ চনত
(গ) ১৯৫৫ চনত
(ঘ) ১৯৬০ চনত
উত্তৰ : (ক) ১৯৪৮ চনত

৩৯। ভাৰতৰ সংবিধান অনুসৰি ৰাজ্যিক বিধানসভাৰ নিম্নতম সদস্য সংখ্যা কিমান হ'ব লাগে ? 
(ক) ৪০ জন
(খ) ৬০ জন
(গ) ৮০ জন
(ঘ) ৫০ জন
উত্তৰ : (খ) ৬০ জন

৪০। অসমৰ স্বীকৃতিপ্রাপ্ত আঞ্চলিক দলটোৰ নাম কি?

(ক) চি পি আই (এম) 
(খ) তৃণমূল কংগ্ৰেছ
(গ) এ আই ইউ ডি এফ 
(ঘ) অসম গণ পৰিষদ 
উত্তৰ : (ঘ) অসম গণ পৰিষদ

৪১। ভাৰতৰ সংবিধান অনুসৰি ৰাজ্যিক বিধানসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান হ'ব লাগে ?

(ক) ৫০০ জন
(খ) ৬০০ জন 
(গ) ১২৬ জন
(ঘ) ৩০০ জন
উত্তৰ : (ক) ৫০০ জন

৪২। অধ্যক্ষৰ অনুপস্থিতিত কোনে বিধান সভাৰ কাম পৰিচালনা কৰে?

(ক) ৰাজ্যপালে
(খ) মুখ্যমন্ত্ৰীয়ে 
(গ) উপাধ্যক্ষই
(ঘ) মন্ত্ৰী পৰিষদে
উত্তৰ: (গ) উপাধ্যক্ষই

৪৩। সাধাৰণতে কিমান সংখ্যক ভোটাৰক লৈ বিধান সভাৰ একোটা সমষ্টি গঠিত হয় ?
(ক) ৬৫,০০০
(খ) 10,000
(11) 90,000
(ঘ) ৮০,০০০
উত্তৰ : (গ) ৭৫,000

৪৪। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশজন কোন আছিল ?

(ক) বিষ্ণুৰাম মেধি
(খ) গৌৰীশংকৰ ভট্টাচাৰ্য
(গ) পাৰ্বতী কুমাৰ গোস্বামী 
(ঘ) হলিৰাম ডেকা 
উত্তৰ : (গ) পাৰ্বতী কুমাৰ গোস্বামী 

৪৫। স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন আছিল ?
(ক) শৰৎ চন্দ্ৰ সিংহ
(খ) তৰুণৰাম ফুকন
(গ) চৈয়দ ছাৰ মহম্মদ ছাদুল্লা 
(ঘ) গোপীনাথ বৰদলৈ 
উত্তৰ : (গ) চৈয়দ ছাৰ মহম্মদ ছাদুল্লা 

৪৬। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন ?
(ক) হেমপ্রভা শ‍ইকীয়া
(খ) চৈয়দা আনোৱাৰা টাইমূৰ
(গ) মেভিচ ড্যান
(ঘ) ৰেণুকা দেৱী বৰকটকী
উত্তৰ : (খ) চৈয়দা আনোৱাৰা টাইমূৰ 

৪৭। অসমৰ মহিলা স্বাধীনতা সংগ্ৰামীসকলৰ আগৰণুৱা আৰু কাৰাবৰণ কৰা প্ৰথমগৰাকী মহিলা কোন?
(ক) কনকলতা
(খ) চন্দ্ৰপ্ৰভা শ‍ইকীয়ানী
(গ) ভোগেশ্বৰী ফুকননী 
(ঘ) আইদেউ সন্দিকৈ
উত্তৰ : (খ) চন্দ্ৰপ্ৰভা শ‍ইকীয়ানী 

৪৮। পৌৰনিগমৰ প্ৰধানজনক কি বোলা হয় ?

(ক) কাউন্সিলৰ
(খ) মেয়ৰ
(গ) বিধায়ক
(ঘ) উপায়ুক্ত
উত্তৰ : (খ) মেয়ৰ

৪৯। পৌৰনিগমৰ কাৰ্যকাল কিমান ?
(ক) ২ বছৰ
(খ) ৩ বছৰ
(গ) ৫ বছৰ
(ঘ) ৬ বছৰ
উত্তৰ : (গ) ৫ বছৰ

৫০। ৰাজ্যপালৰ নিযুক্তিৰ বিষয়ে সংবিধানৰ কিমান নং অনুচ্ছেদত উল্লেখ আছে?

(ক) ১৫৪ নং অনুচ্ছেদত 
(খ) ১৫৫ নং অনুচ্ছেদত
(গ) ১৬৩ নং অনুচ্ছেদত 
(ঘ) ৩৪৬ নং অনুচ্ছেদত 
উত্তৰ : (ঘ) ৩৪৬ নং অনুচ্ছেদত

৫১। বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক নিযুক্তি দিয়ে— 

(ক) মুখ্য মন্ত্ৰীয়ে 
(খ) ৰাজ্যপালে
(গ) প্রধান মন্ত্ৰীয়ে
(ঘ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে
উত্তৰ : (খ) ৰাজ্যপালে

৫২। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন ?

(ক) গোপীনাথ বৰদলৈ 
(খ) ফখৰুদ্দিন আলি আহমেদ 
(গ) বিষ্ণুৰাম মেধি
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (খ) ফখৰুদ্দিন আলি আহমেদ ।

৫৩। উচ্চ ন্যায়ালৰ বিচাৰপতিসকলক কোনে নিয়োগ কৰে ?

(ক) ৰাজ্যপালে
(খ) মুখ্য মন্ত্ৰীয়ে 
(গ) ৰাষ্ট্ৰপতিয়ে
(ঘ) প্রধান মন্ত্ৰীয়ে
উত্তৰঃ (গ) ৰাষ্ট্ৰপতিয়ে

৫৪। প্ৰথম অসমীয়া ৰাজ্যপালজন কোন ?

(ক) গোপীনাথ বৰদলৈ 
(খ) দেবানন্দ কোঁৱৰ 
(গ) বিষ্ণুৰাম মেধি 
(ঘ) গোপীনাথ বৰদলৈ
উত্তৰ : (গ) বিষ্ণুৰাম মেধি ।
 
৫৫। বিধান সভাৰ অধিবেশন আহ্বান, ভংগ আৰু স্থগিত কৰাৰ ক্ষমতা কাৰ ওপৰত ন্যস্ত কৰা হৈছে ? 

(ক) ৰাষ্ট্ৰপতিৰ 
(খ) ৰাজ্যপালৰ
(গ) মুখ্যমন্ত্ৰীৰ  
(ঘ) বিধান সভাৰ অধ্যক্ষৰ
উত্তৰ : (খ) ৰাজ্যপালৰ

৫৬। বিধান সভাৰ অধ্যক্ষৰ কাৰ্যকাল কিমান ?

(ক) ১০ বছৰ
(খ) ৮ বছৰ
(গ) ৬ বছৰ
(ঘ) ৫ বছৰ
উত্তৰ : (ঘ) ৫ বছৰ

৫৭। অসম বিধান সভাৰ আসন কেইখন ?

(ক) ১২৬ খন
(খ) ১২৮ খন
(গ) ১৩০ খন
(ঘ) ১৪০ খন
উত্তৰ : (ক) ১২৬ খন ।

৫৮। মুখ্য মন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে শপত গ্ৰহণ কৰিব লাগে—

(ক) ৰাষ্ট্ৰপতিৰ ওচৰত 
(খ) প্ৰধান মন্ত্ৰীৰ ওচৰত 
(গ) উচ্চ ন্যায়ালয়ৰ ওচৰত 
(ঘ) ৰাজ্যপালৰ ওচৰত 
উত্তৰ : (ঘ) ৰাজ্যপালৰ ওচৰত ।

৫৯। লোণ আইন ভংগ কৰা গান্ধীৰ 'দাণ্ডী যাত্ৰাত অসমৰ পৰা অংশ লোৱা ব্যক্তিজন কোন ?

(ক) গোপীনাথ বৰদলৈ 
(খ) মণিৰাম দেৱান
(গ) তৰুণৰাম ফুকন
(ঘ) লীলাধৰ বৰুৱা
উত্তৰ : (ঘ) লীলাধৰ বৰুৱা ৷

৬০। বর্তমান পৌৰ সভাৰ কাৰ্যকাল কিমান ?

(ক) ২ বছৰ
(খ) ৩ বছৰ
(গ) ৫ বছৰ
(ঘ) ৬ বছৰ
উত্তৰ : (গ) ৫ বছৰ

৬১। ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী কোন ?

(ক) ৰাজ্যপাল
(খ) মুখ্য মন্ত্ৰী
(গ) আয়ুক্ত 
(ঘ) ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
উত্তৰ : (ক) ৰাজ্যপাল 

৬২। পৌৰসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান ?

(ক) ৩০ জন
(খ) ৬০ জন
(গ) ৬৫ জন
(ঘ) ৭০ জন
উত্তৰ : (ক) ৩০ জন

৬৩। ৰাজ্যপালৰ নিযুক্তি কোনে দিয়ে ?

(ক) উপৰাষ্ট্ৰপতিয়ে
(খ) মুখ্য মন্ত্ৰীয়ে
(গ) ৰাষ্ট্ৰপতিয়ে
(ঘ) প্রধান মন্ত্ৰীয়ে
উত্তৰ : (গ) ৰাষ্ট্ৰপতিয়ে

৬৪। অসমত প্রথমখন অ-কংগ্ৰেছী সন্মিলিত (Coalition) চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিল ?

(ক) শৰৎ চন্দ্ৰ সিংহ
(খ) মহেন্দ্ৰ মোহন চৌধুৰী
(গ) গোলাপ বৰবৰা
(ঘ) চৈয়দ মহম্মদ ছাদুল্লা
উত্তৰ : (ঘ) চৈয়দ মহম্মদ ছাদুল্লা

৬৫। বিধান সভা কোনে পৰিচালনা কৰে ?

(ক) ৰাজ্যপালে
(খ) মুখ্যমন্ত্ৰীয়ে
(গ) অধ্যক্ষই
(ঘ) মন্ত্ৰী পৰিষদে
উত্তৰ : (গ) অধ্যক্ষই

৬৬। নগৰ সমিতিৰ কাৰ্যকাল কিমান?

(ক) ২ বছৰ
(খ) ৩ বছৰ
(গ) ৫ বছৰ
(ঘ) ৬ বছৰ
উত্তৰ: (গ) ৫ বছৰ

৬৭। অসমৰ প্ৰথমখন অ-কংগ্ৰেছী (জনতা দলৰ) চৰকাৰ কিমান চনত গঠিত হৈছিল ?

(ক) ১৯৪৭ চনত
(খ) ১৯৭৮ চনত
(গ) ১৯৮০ চনত
(ঘ) ১৯৮৫ চনত
উত্তৰ : (খ) ১৯৭৮ চনত

৬৮। মুখ্য মন্ত্ৰীৰ কাৰ্যকাল হ'ল—

(ক) ৪ বছৰ
(খ) ৫ বছৰ 
(গ) ৬ বছৰ
(ঘ) ১০ বছৰ
উত্তৰ : (খ) ৫ বছৰ

৬৯। গাঁও পঞ্চায়তৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান  ?

(ক) ৩০ জন
(খ) ১০ জন 
(গ) ৬৫ জন
(ঘ) ৭০ জন
উত্তৰ : (খ) ১০ জন

৭০। মন্ত্ৰী পৰিষদৰ কাৰ্যকাল হ'ল—  

(ক) ৪ বছৰ
(খ) ৬ বছৰ
(গ) ৫ বছৰ
(ঘ) ১০ বছৰ
উত্তৰ: (গ) ৫ বছৰ

৭১। ৰাজ্যিক বিধান সভাৰ সদস্যৰ ন্যূনতম বয়স কিমান হ'ব লাগে ? 

(ক) ৪০ বছৰ 
(খ) ৩৫ বছৰ
(গ) ৩০ বছৰ 
(ঘ) ২৫ বছৰ
উত্তৰ : (ঘ) ২৫ বছৰ

৭২। মুখ্য মন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে সংবিধানৰ —

(ক) ১৬৪ (১) নং অনুচ্ছেদমতে
(খ) ১৬৫ (১) নং অনুচ্ছেদমতে
(গ) ১৬৩ (১) নং অনুচ্ছেদমতে
(ঘ) ১৫৫ (১) নং অনুচ্ছেদমতে
উত্তৰ : (ক) ১৬৪ (১) নং অনুচ্ছেদমতে

৭৩। অসম প্রাদেশিক কংগ্ৰেছ কমিটি কোন চনত গঠন হৈছিল?

(ক) ১৯২০ চনৰ ২ জুনত
(খ) ১৯২১ চনৰ ৫ জুনত
(গ) ১৮৯৮ চনৰ ২২ জুনত
(ঘ) ১৮৮১ চনৰ ২৮ জুনত
উত্তৰ : (খ) ১৯২১ চনৰ ৫ জুনত

৭৪। ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কৰে—

(ক) প্রধান মন্ত্ৰীয়ে
(খ) ৰাষ্ট্ৰপতিয়ে
(গ) মুখ্য মন্ত্ৰীয়ে
(ঘ) ৰাজ্যপালে।
উত্তৰ : (গ) মুখ্য মন্ত্ৰীয়ে

Top Post Ad

Below Post Ad

Ads Area