১। ভাৰতীয় সংবিধান ৰচনাৰ বাবে গঠন কৰা সংবিধান সভা গঠন হৈছিল
(A) কেবিনেট' মিছনৰ প্ৰস্তাৱ অনুসৰি
(B) ক্ৰিপছ মিছনৰ প্ৰস্তাৱ অনুসৰি
(C) ব্ৰিটিছ সংসদৰ এখন আইন অনুসৰি
(D) ভাৰতীয় স্বাধীনতা আইন অনুসৰি
উত্তৰ : (A) কেবিনেট' মিছনৰ প্ৰস্তাৱ অনুসৰি
(B) ক্ৰিপছ মিছনৰ প্ৰস্তাৱ অনুসৰি
(C) ব্ৰিটিছ সংসদৰ এখন আইন অনুসৰি
(D) ভাৰতীয় স্বাধীনতা আইন অনুসৰি
উত্তৰ : (A) কেবিনেট' মিছনৰ প্ৰস্তাৱ অনুসৰি
২। সংবিধান সভাৰ সদস্যসকল আছিল—
(A) বিভিন্ন ৰাজনৈতিক দলৰ দ্বাৰা মনোনীত
(B) জনসাধাৰণৰ দ্বাৰা পোনপটীয়াকৈ নিৰ্বাচিত
(C) গৱৰ্ণৰ জেনেৰেলৰ দ্বাৰা মনোনীত
(D) বিভিন্ন বিধানসভাৰ দ্বাৰা নিৰ্বাচিত আৰু আংশিকভাৱে ৰাজ্যৰ প্ৰতিনিধিৰে গঠিত
উত্তৰ : (D) বিভিন্ন বিধানসভাৰ দ্বাৰা নিৰ্বাচিত আৰু আংশিকভাৱে ৰাজ্যৰ প্ৰতিনিধিৰে গঠিত।
৩। সংবিধান সভাৰ প্ৰথম অধিৱেশন হৈছিল—
(A) ২৬ নৱেম্বৰ, ১৯৪৬
(B) ১৫ আগষ্ট, ১৯৪৭
(C) ৯ ডিচেম্বৰ, ১৯৪৬
(D) ২৬ জানুৱাৰী, ১৯৫০
উত্তৰ : (C) ৯ ডিচেম্বৰ, ১৯৪৬।
৪। সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ড°ৰাজেন্দ্ৰ প্ৰসাদ । ইয়াৰ অস্থায়ী সভাপতিজন আছিল—
(A) এইছ.এন কানজুৰ
(B) কে.এম মুঞ্চী
(C) এম.এম. মালভিয়া
(D) সচিদানন্দ সিংহ
উত্তৰ :(D) সচিদানন্দ সিংহ।
৫। সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল ?
(A) বি.আৰ. আম্বেদকাৰ
(B) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(C) চৰ্দাৰ পেটেল
(D) জৱাহৰলাল নেহৰু
উত্তৰ : (B) ড° ৰাজেন্দ্ৰ প্ৰসাদ ।
৬। সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল—
(A) বি. আৰ আম্বেদকাৰ
(B) আল্লাদি কৃষ্ণস্বামী আয়াৰ
(C) জৱাহৰলাল নেহৰু
(D) ডি.পি. খৈতান
উত্তৰ : (A) বি. আৰ আম্বেদকাৰ ৷
৭। ভাৰতীয় সংবিধানখন সংবিধান সভাত গৃহীত হয়—
(A) ১৯৪৯ চনৰ ২৬ নৱেম্বৰত
(B) ১৯৪৭ চনৰ ১৫ আগষ্টত
(C) ১৯৫০ চনৰ ২৬ জানুৱাৰীত
(D) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত
উত্তৰ : (A) ১৯৪৯ চনৰ ২৬ নৱেম্বৰত
৮। সংবিধান ৰচনাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিবলৈ সংবিধান সভাই নিযুক্ত কৰা সমিতিৰ সংখ্যা আছিল-
(A) ৫
(B) ১১
(C) ৮
(D) ১৩
উত্তৰ : (D) ১৩
৯। সংবিধানখন ৰচনাৰ বাবে সংবিধান সভাই কিমান সময় লৈছিল ?
(A) ২ বছৰ ১১ মাহ ১৮ দিন
(B) ৩ বছৰ ৭ মাহ
(C) ১ বছৰ ১.১ মাহ ২০ দিন
(D) ২ বছৰ ১০ মাহ ২০ দিন
উত্তৰ : (A) ২ বছৰ ১১ মাহ ১৮ দিন
১০। কেতিয়াৰ পৰা ভাৰতীয় সংবিধান সম্পূৰ্ণৰূপে কাৰ্যকৰী হয় ?
(A) ১৯৪৯ চনৰ ২৬ নৱেম্বৰত
(B) ১৯৫০ চনৰ ২৬ জানুৱাৰী
(C) ১৯৪৭ চনৰ ১৫ আগষ্ট
(D) ১৯৪৭ চনৰ ৯ ডিচেম্বৰ
উত্তৰ : (B) ১৯৫০ চনৰ ২৬ জানুৱাৰী
১১। তলৰ কোনটো উৎসৰ পৰা ভাৰতীয় সংবিধানলৈ সৰ্বাধিক তথ্য ধাৰ কৰা হৈছে?
(A) ১৯৩৫ চনৰ ভাৰত শাসন আইন
(B) আমেৰিকান সংবিধান
(C) ব্ৰিটিছ সংবিধান
(D) আয়াৰলেণ্ড সংবিধান
উত্তৰ : (A) ১৯৩৫ চনৰ ভাৰত শাসন আইন
১২। ভাৰতীয় সংবিধানখন হ'ল—-
(A) পৃথিৱীৰ ভিতৰত দীৰ্ঘতম সংবিধান
(B) পৃথিৱীৰ ভিতৰত চুটি সংবিধান
(C) পৃথিৱীৰ ভিতৰত কঠিন সংবিধান
(D) পৃথিৱীৰ ভিতৰত নমনীয় সংবিধান
উত্তৰ : (A) পৃথিৱীৰ ভিতৰত দীৰ্ঘতম সংবিধান
১৩। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ঘোষণা কৰা মতে ভাৰতবৰ্ষ এখন
(A) সার্বভৌম,গণতান্ত্ৰিক গণৰাজ্য
(B) সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ গণতান্ত্রিক গণৰাজ্য
(C) সাৰ্বভৌম, গণৰাজ্য
(D) সার্বভৌম, সমাজবাদী গণতান্ত্রিক, গণৰাজ্য
উত্তৰ: (B) সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য
১৪। সংবিধান প্রণেতাসকলে ‘সংসদীয় পদ্ধতিৰ শাসন ব্যৱস্থা' পদ্ধতিটো ধাৰ কৰিছিল—
(A) আমেৰিকাৰ পৰা
(B) ব্ৰিটেইনৰ পৰা
(C) আয়াৰলেণ্ডৰ পৰা
(D) ছুইজাৰলেণ্ডৰ পৰা
উত্তৰ : (B) ব্ৰিটেইনৰ পৰা
(A) আমেৰিকাৰ পৰা
(B) ব্ৰিটেইনৰ পৰা
(C) আয়াৰলেণ্ডৰ পৰা
(D) ছুইজাৰলেণ্ডৰ পৰা
উত্তৰ : (B) ব্ৰিটেইনৰ পৰা
১৫। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো
(A) সংবিধানৰ অংশ কিন্তু বৈধিক নহয়
(B) সংবিধানৰ অংশ নহয় আৰু বিচাৰযোগ্য নহয়
(C) সংবিধানৰ অংশ আৰু বিচাৰযোগ্য
(D) ওপৰৰ কোনোটোৱে নহয়
উত্তৰ : (B) সংবিধানৰ অংশ নহয় আৰু বিচাৰযোগ্য নহয়
১৬। তলৰ কোনটো অংশক ‘ভাৰতীয় সংবিধানৰ আত্মা’ আখ্যা দিয়া হৈছে?
(A) প্ৰস্তাৱনা
(B) ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনক নীতি
(C) মৌলিক অধিকাৰ
(D) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ
উত্তৰ : (D) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ
১৭। ভাৰতীয় সংবিধানখন
(A) কঠিন
(B) নমনীয়
(C) আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে কঠিন
(D) ওপৰৰ কোনোটোৱেই নহয় ৷
উত্তৰ : (C) আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে কঠিন
১৮। মৌলিক অধিকাৰ সম্পৰ্কে সিদ্ধান্ত কৰিবলৈ সংবিধান সভাই নিয়োগ কৰা সমিতিৰ মুৰব্বী আছিল—
(A) ৰাজেন্দ্ৰ প্ৰসাদ
(B) বি. আৰ. আম্বেদকাৰ
(C) জৱাহৰলাল নেহৰু
(D) চৰ্দাৰ বল্লভ ভাই পেটেল
উত্তৰ : (D) চৰ্দাৰ বল্লভ ভাই পেটেল
১৯। ভাৰতীয় সংবিধানখন ভাগ কৰা হৈছে—
(A) ২২ টা অধ্যায়ত
(B) ১৬ টা অধ্যায়ত
(C) ২৪ টা অধ্যায়
(D) ২৫ টা অধ্যায়ত
উত্তৰ : (A) ২২ টা অধ্যায়ত
২০। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত সম্পর্কিত ?
(A) ৩৪৩ অনুচ্ছেদ
(B) ৩৬৮ অনুচ্ছেদ
(C) ৩৭০ অনুচ্ছেদ
(D) ৩৭২ অনুচ্ছেদ
উত্তৰ : (B) ৩৬৮ অনুচ্ছেদ
২১। সংবিধান সংশোধনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ?
(A) সংবিধান সংশোধনী বিধেয়ক বিধানসভাত উত্থাপন কৰিব পাৰি ।
(B) সংবিধান সংশোধনীৰ বাবে বিশেষ আয়োগ গঠন কৰিব পাৰি ।
(C) গণভোটৰ দ্বাৰা সংবিধান সংশোধন কৰিব পাৰি
(D) সংবিধান সংশোধনী বিধেয়ক কেৱল সংসদতহে উত্থাপন কৰিব পাৰি ।
উত্তৰ : (D) সংবিধান সংশোধনী বিধেয়ক কেৱল সংসদতহে উত্থাপন কৰিব পাৰি
২২। ভাৰতীয় সংবিধানত সংবিধান সংশোধনীৰ কিমানটা পদ্ধতি আছে?
(A) ৫ টা
(B) ৪ টা
(C) ১ টা
(D) ৩ টা
উত্তৰ : (D) ৩ টা
২৩। ভাৰতৰ সংবিধানৰ ৪২ তম সংশোধনী ঘটোৱা হৈছিল—
(A) ১৯৭৬ চনত
(B) ১৯৭৫ চনত
(C) ১৯৬০ চনত
(D) ওপৰৰ এটাও নহয় ।
উত্তৰ : (A) ১৯৭৬ চনত
২৪। পোন প্ৰথমবাৰৰ বাবে সংবিধানৰ প্ৰস্তাৱনাটোৰ সংশোধনী ঘটোৱা হৈছিল—
(A) ২৪ তম সংশোধনীৰ দ্বাৰা
(B) ৪৪ তম সংশোধনীৰ দ্বাৰা
(C) ৪২ তম সংশোধনীৰ দ্বাৰা
(D) ৪১ তম সংশোধনীৰ দ্বাৰা
উত্তৰ : (B) ৪৪ তম সংশোধনীৰ দ্বাৰা
২৫। জৰুৰীকালীন সময়ত তলৰ কোনকেইটা শব্দ প্ৰস্তাৱনাত সোমাবলৈ প্ৰস্তাৱনাটো সংশোধন ঘটোৱা হৈছিল ?
(A) ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ
(B) ‘ধৰ্মনিৰপেক্ষ' আৰু ‘গণতান্ত্ৰিক ’
(C) ‘সমাজবাদী' আৰু ‘গণৰাজ্য’
(D) ‘সাৰ্বভৌম' আৰু 'গণতান্ত্ৰিক ’
উত্তৰ : (A) ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ
২৬। তলৰ কোনটো আৰ্হিৰ সংবিধানৰ পৰা ভাৰতীয় সংবিধানত এক-নাগৰিকত্ব ব্যৱস্থাৰ সূচনা কৰা হৈছে ?
(A) আমেৰিকান সংবিধান
(B) কানাডাৰ সংবিধান
(C) ব্ৰিটেইনৰ সংবিধান
(D) কানাডা আৰু ব্ৰিটেইনৰ সংবিধান
উত্তৰ : (D) কানাডা আৰু ব্ৰিটেইনৰ সংবিধান
২৭। ভাৰতীয় সংবিধানত নাগৰিকত্বৰ ক্ষেত্ৰত তলৰ কোনটো ব্যৱস্থা আছে?
(A) দ্বি-নাগৰিকত্ব
(B) এক-নাগৰিকত্ব
(C) বহু নাগৰিকত্ব
(D) নাগৰিকত্বৰ ব্যৱস্থা নাই ।
উত্তৰ : (B) এক-নাগৰিকত্ব ।
২৮। এজন ব্যক্তিয়ে নাগৰিকত্ব তলৰ কি কাৰণত হেৰুৱাব পাৰে—
(A) বিদেশৰ নাগৰিকত্ব লাভ কৰিলে
(B) অসৎ উপায়েৰে নাগৰিকত্ব লাভ কৰিলে
(C) স্ব-ইচ্ছাই নাগৰিকত্ব ত্যাগ কৰিলে
(D) ওপৰৰ আটাইকেইটাই প্রযোজ্য
উত্তৰ: (D) ওপৰৰ আটাইকেইটাই প্রযোজ্য।
২৯। ভাৰতীয় নাগৰিকত্ব আহৰণ আৰু হানিৰ ক্ষেত্ৰত তলৰ কোনটো প্ৰযোজ্য ?
(A) ১৯৪৭ চনৰ ভাৰত স্বাধীন আইন
(B) ১৯৫৫ চনৰ ভাৰতীয় নাগৰিকত্ব আইন
(C) ভাৰতীয় সংবিধানৰ অষ্টম অংশ
(D) ভাৰতীয় সংবিধানৰ তৃতীয় অংশ
উত্তৰ : (B) ১৯৫৫ চনৰ ভাৰতীয় নাগৰিকত্ব আইন
৩০। তলৰ কোনটো ভাৰতীয় নাগৰিকত্ব লাভৰ উপায় নহয় ?
(A) সম্পত্তি লাভৰ জৰিয়তে
(B) জন্ম লাভ কৰি
(C) দেশীয়কৰণ পদ্ধতিৰে
(D) বংশানুক্রমে
উত্তৰ : (A) সম্পত্তি লাভৰ জৰিয়তে
৩১। শেহতীয়াকৈ তলৰ কোনখন ৰাজ্যৰ নাগৰিকে ভাৰতত নতুন অঞ্চল অন্তৰ্ভুক্তিৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে ?
(A) নাগালেণ্ড
(B) ছিকিম
(C) মিজোৰাম
(D) অৰুণাচল প্ৰদেশ
উত্তৰ : (B) ছিকিম।
৩২। ভাৰতীয় সংবিধানৰ ‘মৌলিক অধিকাৰ’ বিষয়টো তলৰ কোনখন সংবিধানৰ পৰা ধাৰ কৰা হৈছে?
(A) ৰুছিয়াৰ সংবিধান
(B) কানাডাৰ সংবিধান
(C) ব্ৰিটিছ সংবিধান
(D) আমেৰিকাৰ সংবিধান
উত্তৰ : (D) আমেৰিকাৰ সংবিধান
৩৩। নাগৰিকৰ মৌলিক অধিকাৰসমূহ আছে—
(A) সংবিধানৰ চতুৰ্থ অংশত
(B) সংবিধানৰ তৃতীয় অংশত
(C) সংবিধানৰ দ্বিতীয় অংশত
(D) সংবিধানৰ প্ৰথম অংশত
উত্তৰ : (B) সংবিধানৰ তৃতীয় অংশত
৩৪। ভাৰতীয় সংবিধান অনুসৰি নাগৰিকৰ মৌলিক অধিকাৰৰ সংখ্যা——
(A) ৮ টা
(B) ১১ টা
(C) ৬ টা
(D) ৯ টা
উত্তৰ : (C) ৬ টা
৩৫। ভাৰতৰ সংবিধানৰ কোনটো সংশোধনী অনুসৰি মৌলিক অধিকাৰৰ পৰা “সম্পত্তিৰ অধিকাৰ'ক বাদ দিয়া হৈছে?
(A) ৪২ তম সংশোধনী
(B) ৪৪ তম সংশোধনী
(C) ৪৫ তম সংশোধনী
(D) ৪৩ তম সংশোধনী
উত্তৰ : (B) ৪৪ তম সংশোধনী
৩৬। জৰুৰীকালীন অৱস্থাত নাগৰিকৰ মৌলিক অধিকাৰ
(A) স্বতঃস্ফূর্তভাৱে খর্ব হয়
(B) বাতিল কৰিব পাৰে
(C) বাতিল কৰিব নোৱাৰে
(D) উচ্চতম ন্যায়ালয়ৰ ৰায় লৈ উপভোগ কৰিব পাৰি ।
উত্তৰ : (B) বাতিল কৰিব পাৰে
৩৭। তলৰ কোনটো উক্তি সত্য?
(A) মৌলিক অধিকাৰসমূহ ন্যায়সংগত
(B) মৌলিক অধিকাৰসমূহ ন্যায়সংগত নহয়
(C) সৈন্যবাহিনীৰ লোকৰ ক্ষেত্ৰত মৌলিক অধিকাৰ প্রযোজ্য নহয়।
(D) মৌলিক অধিকাৰ অসীম।
উত্তৰ : (A) মৌলিক অধিকাৰসমূহ ন্যায়সংগত
৩৮। ভাৰতীয় সংবিধানত ছয়বিধ স্বাধীনতাৰ (Six freedoms) উল্লেখ আছে—
(A) অনুচ্ছেদ ১২ ৰ পৰা ৩৫ লৈ
(B) অনুচ্ছেদ ১৯ত
(C) অনুচ্ছেদ ২১ ৰ পৰা ২৬ লৈ
(D) অনুচ্ছেদ ১৪ ৰ পৰা ২৮ লৈ।
উত্তৰ : (B) অনুচ্ছেদ ১৯৩
৩৯। নাগৰিকৰ মৌলিক অধিকাৰত যুক্তিসংগত বাধা আৰোপৰ বাবে তলৰ কোনটো কৰ্তৃপক্ষক সংবিধানে কৰ্তৃত্ব প্ৰদান কৰিছে ?
(A) উচ্চতম ন্যায়ালয়
(B) ৰাষ্ট্ৰপতি
(C) সংসদ
(D) মন্ত্ৰী পৰিষদ
উত্তৰ : (C) সংসদ
৪০। কোনো ব্যক্তিক অবৈধভাৱে আবদ্ধ কৰি ৰাখিলে তলৰ কোনটো লেখ প্রযোজ্য হয় ?
(A) বন্দী উপস্থাপন সমাদেশ
(B) পৰমাধিদেশ
(C) কৈফিয়ৎ তলবী
(D) উৎপ্রেষণ
উত্তৰ : (A) বন্দী উপস্থাপন সমাদেশ
৪১। নাগৰিকৰ মৌলিক কৰ্তব্যবোৰ
(A) মূল সংবিধানৰ অংশ
(B) ৪৪ তম সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা
(C) ৪২ তম সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা
(D) সংসদে সুকীয়া আইন কৰি সংবিধানত অন্তর্ভুক্ত কৰা
উত্তৰ : (C) ৪২ তম সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা
৪২। তলৰ কোন অনুচ্ছেদে মৌলিক কৰ্তব্যৰ ৰূপৰেখা দিয়ে?
(A) ১৫ (A) অনুচ্ছেদ
(B) ৪৫ (A) অনুচ্ছেদ
(C) ৫১ (A) অনুচ্ছেদ
(D) ১৬৫ (A) অনুচ্ছেদ
উত্তৰ : (C) ৫১ (A) অনুচ্ছেদ।
৪৩। ভাৰতৰ সংবিধানত নাগৰিকৰ কিমানটা মৌলিক কর্তব্য সন্নিবিষ্ট কৰা হৈছে?
(A) ৭ টা
(B) ১২ টা
(C) ১১ টা
(D) ১০ টা
উত্তৰ : (C) ১১ টা।
৪৪। ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰাটো পিতৃ-মাতৃ বা অভিভাৱকৰ মৌলিক কৰ্তব্য। সংবিধানৰ কোনটো সংশোধনী মতে ই কাৰ্যকৰী হৈছে—
(A) ৮৬ তম সংশোধনী
(B) ৪৫ তম সংশোধনী
(C) ৪২ তম সংশোধনী
(D) ৫১ তম সংশোধনী
উত্তৰ : (A) ৮৬ তম সংশোধনী
৪৫। মৌলিক কৰ্তব্যসমূহ লিপিবদ্ধ হৈ আছে—
(A) সংবিধানৰ চতুর্থ [A] অংশত
(B) সংবিধানৰ পঞ্চম [A] অংশত
(C) সংবিধানৰ ষষ্ঠ [A] অংশত
(D) সংবিধানৰ তৃতীয় অংশত ।
উত্তৰ : (A) সংবিধানৰ চতুৰ্থ [A] অংশত
৪৬। নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক হ'ল
(A) চৰকাৰ
(B) ৰাষ্ট্ৰপতি
(C) উচ্চতম ন্যায়ালয়
(D) ওপৰৰ এটাও নহয় ৷
উত্তৰ : (C) উচ্চতম ন্যায়ালয়
৪৭। সংবিধানৰ কোনটো অংশত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি আছে?
(A) তৃতীয় অংশত
(B) চতুর্থ অংশত
(C) পঞ্চম অংশ
(D) ষষ্ঠ অংশত
উত্তৰ : (B) চতুর্থ অংশত
৪৮। তলৰ কোনকেইটা অনুচ্ছেদত ৰাষ্ট্ৰৰ নিৰ্দেশক নীতিসমূহৰ উল্লেখ আছে?
(A) অনুচ্ছেদ ৩৫ ৰ পৰা ৫০লৈ
(B) অনুচ্ছেদ ৩৪ ৰ পৰা ৫০লৈ
(C) অনুচ্ছেদ ৩৬ ৰ পৰা ৫১ লৈ
(D) অনুচ্ছেদ ৩০ ৰ পৰা ৫০লৈ
উত্তৰ : (C) অনুচ্ছেদ ৩৬ ৰ পৰা ৫১লৈ
৪৯। সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্দেশক নীতিৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় নীতিসমূহ আছে?
(A) ৫০ নং অনুচ্ছেদ
(B) ৫১ নং অনুচ্ছেদ
(C) ৫২ নং অনুচ্ছেদ
(D) ৫৩ নং অনুচ্ছেদ
উত্তৰ : (B) ৫১ নং অনুচ্ছেদ
৫০। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিৰ প্ৰধান উদ্দেশ্য হৈছে ———
(A) ভাৰতত কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা
(B) পঞ্চবার্ষিক পৰিকল্পনাৰ লক্ষ্যত উপনীত হোৱা
(C) দেশৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা
(D) ওপৰৰ কোনোটোৱেই নহয়
উত্তৰ : (A) ভাৰতত কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা
Social Plugin