Type Here to Get Search Results !

ADD

Indian polity- 3



১০১। ৰাজ্যপালে কার্যকালত থাকে— 

(A) ৰাষ্ট্ৰপতিৰ সদিচ্ছা থকালৈকে
(B) ৰাজ্যৰ মন্ত্ৰী পৰিষদৰ সদিচ্ছা থকালৈকে 
(C) ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সদিচ্ছা থকালৈকে
(D) দেশৰ প্ৰধানমন্ত্ৰীৰ সদিচ্ছা থকালৈকে 
উত্তৰ : (A) ৰাষ্ট্ৰপতিৰ সদিচ্ছা থকালৈকে।

১০২। ৰাজ্যপালে তলৰ কাৰ অনুমোদন সাপেক্ষে অধ্যাদেশ জাৰি কৰিব পাৰে ?

(A) ৰাজ্যৰ বিধানসভাৰ
(B) ৰাজ্যিক মন্ত্ৰী পৰিষদৰ
(C) ৰাষ্ট্ৰপতিৰ
(D) মুখ্যমন্ত্ৰীৰ
উত্তৰ : (A) ৰাজ্যৰ বিধানসভাৰ

১০৩। ৰাজ্যপালে কাৰ ওচৰত জবাবদিহি হ'ব লাগে ?

(A) ৰাষ্ট্ৰপতি
(B) প্রধানমন্ত্রী
(C) মুখ্যমন্ত্ৰী
(D) বিধানসভা
উত্তৰ : (A) ৰাষ্ট্ৰপতি 

১০৪। সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্যপালে কিছুমান বিষয়ত স্ব-বিচাৰ কৰিব পাৰে ?

(A) ১৬৩ (১)
(B) ১৬০
(C) ১৬৪ (২)
(D)ওপৰৰ এটাও নহয়
উত্তৰ : (A) ১৬৩ (১)

১০৫। ৰাজ্যৰ মন্ত্ৰীসভাৰ মুৰব্বী হ'ল—

(A) মুখ্যমন্ত্রী
(B) ৰাজ্যপাল
(C) অধ্যক্ষ
(D) ওপৰৰ এটাও নহয় 
উত্তৰ : (A) মুখ্যমন্ত্ৰী

১০৬। ৰাজ্যিক মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক পদবী বিতৰণ কৰে —

(A) ৰাজ্যপালে 
(B) মুখ্যমন্ত্ৰীয়ে 
(C) বিধানসভাই
(D) মুখ্যমন্ত্ৰীৰ উপদেশত ৰাজ্যপালে 
উত্তৰ : (B) মুখ্যমন্ত্ৰীয়ে

১০৭। ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কৰে— 

(A) মুখ্যমন্ত্ৰীয়ে
(B) ৰাজ্যপালে
(C) সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে
(D) ওপৰৰ কোনোটোৱেই নহয়
উত্তৰ : (A) মুখ্যমন্ত্ৰীয়ে

১০৮। ৰাজ্যিক বিধানসভাৰ সদস্য নোহোৱাকৈ এজন লোকে কিমান দিন ৰাজ্যিক মন্ত্ৰীসভাৰ সদস্য হৈ থাকিব পাৰে ?

(A) ৬ মাহ
(B) এবছৰ 
(C) ৩ মাহ
(D) এমাহ
উত্তৰ : (A) ৬ মাহ

১০৯। সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক এখন ‘ৰাজ্যসমূহৰ সংঘ’ বুলি কোৱা হৈছে ? 
(A) ৭৩ নং 
(B) ১৬২ নং
(C) ২৮০ নং
(D) ১ (১) নং
উত্তৰ : (D) ১ (১) নং 

১১০। ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ক্ষেত্ৰত কোনটো শুদ্ধ?

(A) একাত্মক
(B) যুক্তৰাষ্ট্ৰীয়
(C) অৰ্ধ যুক্তৰাষ্ট্ৰীয়
(D) কোনোটোৱে নহয়
উত্তৰ : (C) অৰ্ধ যুক্তৰাষ্ট্ৰীয়।

১১১। কোনটো যুক্তৰাষ্ট্ৰীয় গাঁথনি ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অমিল আছে?

(A) সমৱৰ্তী সুচী
(B) লিখিত সংবিধান
(C) কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিতৰণ
(D) অৱশিষ্ট ক্ষমতা ৰাজ্যৰ হাতত ন্যস্ত
উত্তৰ : (D) অৱশিষ্ট ক্ষমতা ৰাজ্যৰ হাতত ন্যস্ত

১১৩। কেন্দ্ৰ আৰু ৰাজ্যৰ বিত্তীয় সম্পর্ক কোনে নিৰ্ধাৰণ কৰে ?

(A) বিত্তমন্ত্ৰী 
(B) বিত্ত আয়োগ 
(C) ৰাষ্ট্ৰপতি 
(D) সংসদ 
উত্তৰ : (B) বিত্ত আয়োগ 

১১৪। সংবিধানৰ কোন অনুসূচীত তিনিখন সূচী আছে ? 

(A) ষষ্ঠ অনুসূচী 
(B) পঞ্চম অনুসূচী 
(C) সপ্তম অনুসূচী 
(D) নৱম অনুসূচী 
উত্তৰ : (C) সপ্তম অনুসূচী

১১৫। কেন্দ্ৰীয় সুচীসমূহত কোনে আইন প্রণয়ন কৰে ?

(A) কেন্দ্ৰীয় চৰকাৰ
(B) ৰাজ্যিক চৰকাৰ
(C) উভয় চৰকাৰে 
(D) স্থানীয় চৰকাৰ 
উত্তৰ : (A) কেন্দ্ৰীয় চৰকাৰ

১১৬। সমৱৰ্তী সূচীভুক্ত বিষয়ত কোনে আইন প্ৰণয়ন কৰে ?

(A) ৰাজ্যিক চৰকাৰ
(B) কেন্দ্ৰীয় চৰকাৰ 
(C) উভয় চৰকাৰ
(D) স্থানীয় চৰকাৰ
উত্তৰ : (C) উভয় চৰকাৰ

১১৭। অৱশিষ্ট ক্ষমতাসমূহ কোনে লাভ কৰে ?

(A) কেন্দ্ৰীয় চৰকাৰ
(B) ৰাজ্যিক চৰকাৰ
(C) উভয় চৰকাৰ 
(D) স্থানীয় চৰকাৰ 
উত্তৰ : (A) কেন্দ্ৰীয় চৰকাৰ 

১১৮। কেন্দ্ৰই ৰাজ্যিক সূচীত আইন প্রণয়ন কৰিব লাগিলে কোনে প্ৰস্তাৱ ল'ব লাগে ?

(A) লোকসভা
(B) ৰাজ্যসভা
(C)উভয় সদনে
(D) ৰাজ্যিক বিধানসভাই
উত্তৰ : (B) ৰাজ্যসভা।

১১৯। ৰাজ্যিক সুচীত আইন প্রণয়ন কৰিবলৈ হ'লে ৰাজ্যসভাত কিমান সংখ্যক সদস্যই সমৰ্থন কৰিব লাগে ?

(A) সাধাৰণ সংখ্যাগৰিষ্ঠ 
(B) দুই-তৃতীয়াংশ 
(C) দুই-তৃতীয়াংশৰ অধিক 
(D) এক চতুর্থাংশ 
উত্তৰ : (B) দুই-তৃতীয়াংশ।

১২০। সংবিধানৰ কিমান অনুচ্ছেদমতে ৰাজ্যিক সুচীভুক্ত বিষয়ত ৰাজ্যই শাসন ক্ষমতা লাভ কৰিছে?

(A) ১৬২ নং
(B) ১৬০ নং
(C) ১৭২ নং
(D) ১৮০ নং
উত্তৰ : (A) ১৬২ নং

১২১। সংবিধানৰ কিমান অনুচ্ছেদমতে কেন্দ্রীয় চৰকাৰে কেন্দ্ৰীয় সূচীভুক্ত বিষয়ত শাসন ক্ষমতা লাভ কৰিছে ?

(A) ৭০ নং 
(B) ৭১ নং
(C) ৭৩ নং
(D) ৮০ নং
উত্তৰ : (C) ৭৩ নং 

১২২। “মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাসমূহ সকলো মানুহৰ জন্মগত অধিকাৰ আৰু সেইবোৰৰ ৰক্ষণাবেক্ষণ আৰু বিকাশ সাধন কৰাটো চৰকাৰৰ প্ৰধান কর্তব্য।” –এইটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ মন্তব্য ?

(A) ১৯৯৩ চনৰ ভিয়েনা ঘোষণাৰ ২নং অনুচ্ছেদৰ মতে
(B) ৰাষ্ট্ৰসংঘৰ ১৯৪৮ চনৰ মানৱাধিকাৰৰ সাৰ্বজনীন ঘোষণা পত্র মতে
(C) ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কেন্দ্ৰ
(D) ওপৰৰ এটাও নহয় 
উত্তৰঃ (A) ১৯৯৩ চনৰ ভিয়েনা ঘোষণাৰ ২নং অনুচ্ছেদৰ মতে

১২৩। “সেইবোৰ অধিকাৰেই মানৱ অধিকাৰ যিবোৰ অধিকাৰ মানুহে প্রকৃতিগতভাৱে জন্মসূত্ৰে লাভ কৰিছে আৰু যিবোৰৰ অবিহনে মানুহ মানৱ হিচাপে জীয়াই থাকিব নোৱাৰে।”—এইটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ মানৱ অধিকাৰ সম্পৰ্কে দিয়া সংজ্ঞা ? 

(A) ১৯৯৩ চনৰ ভিয়েনা ঘোষণাৰ ২নং অনুচ্ছেদৰ মতে
(B) ৰাষ্ট্ৰসংঘৰ ১৯৪৮ চনৰ মানৱাধিকাৰৰ সাৰ্বজনীন ঘোষণা পত্র মতে
(C) ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কেন্দ্ৰ
(D) ওপৰৰ এটাও নহয় 
উত্তৰ : (C) ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কেন্দ্ৰ 

১২৪। “মানৱ অধিকাৰসমূহ হ'ল মৌলিক নৈতিক প্রতিক্ষা, যিবোৰ সকলো ৰাষ্ট্ৰ আৰু সংস্কৃতিৰ মানুহে তেওঁলোক কেৱল মানুহ বাবেই লাভ কৰে বুলি কোৱা হয়।”— মানৱ অধিকাৰ সম্পৰ্কে দিয়া এই সংজ্ঞাটো কাৰ ? 

(A) নিকেল 
(B) ইলাইন পেজচ
(C) কিম (Kim) 
(D) ওপৰৰ এটাও নহয় 
উত্তৰ : (A) নিকেল 

১২৫। “মানৱ জীৱনৰ প্ৰতিৰক্ষাৰ বাবে প্ৰয়োজন হোৱা বুলি দাবী কৰিব পৰা আৰু জীৱনৰ গম্ভীৰতাক আগুৱাই নিব পৰা আৰু তাৰ বাবে প্ৰয়োজনীয়ভাৱে ভোগ কৰা ৰাজনৈতিক আৰু সামাজিক অনুমোদনসমূহেই হ'ল মানৱ অধিকাৰ।”— মানৱ অধিকাৰ সম্পৰ্কে দিয়া এই সংজ্ঞাটো কাৰ? 

(A) ন্যায়াধীশ জে.এছ. বার্মা 
(B) জাবো (Szabo) 
(C) কিম (Kim) 
(D) দুর্গা দাস বসুৰ
উত্তৰ : (C) কিম (Kim)

১২৬। “মানৱ অধিকাৰ হ'ল অহস্তান্তৰযোগ্য আৰু কোনো নিৰ্দিষ্ট কৰ্তৃত্বৰ অধীন নোহোৱা বা নিৰ্ভৰ নকৰা কিছুমান অধিকাৰ। সিবিলাক মানুহৰ লগতে থকা কিছুমান স্বভাৱজাত প্রকৃতি।”— মানৱ অধিকাৰ সম্পৰ্কে দিয়া এই সংজ্ঞাটো কাৰ ?

(A) ন্যায়াধীশ জে.এছ. বাৰ্ম
(B) জাবো (Szabo) 
(C) বেনেটৰ (Bennett )
(D) দুর্গা দাস বসুৰ।
উত্তৰ : (A) ন্যায়াধীশ জে.এছ. বার্মা।

১২৭।__________দিনটো প্ৰথম আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰে ।

(A) ১৯৫০ চনৰ ১০ ডিচেম্বৰ
(B) ১৯৫০ চনৰ ১২ ডিচেম্বৰ
(C) ১৯৫০ চনৰ ১৮ ডিচেম্বৰ
(D) ১৯৫০ চনৰ ২২ ডিচেম্বৰ
উত্তৰ : (A) ১৯৫০ চনৰ ১০ ডিচেম্বৰ।

১২৮। তলৰ কোনটোৱে মানৱ অধিকাৰৰ ধাৰণাক এক নতুন ৰূপ প্ৰদান কৰাৰ ক্ষেত্ৰত জড়িত নহয়?

(A) ১৮৬৪ চনৰ জেনেভা সন্মিলন
(B) আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ সমিতি (আই. চি. আৰ.চি.
(C) লাইবাৰ কোডে
(D) বিশ্ব বাণিজ্য সংস্থা
উত্তৰ : (D) বিশ্ব বাণিজ্য সংস্থা।

১২৯। আধুনিক বিশ্বত মানৱ অধিকাৰৰ ৰক্ষক হিচাপে আন্তৰ্জাতিক স্তৰত ভুমুকি মৰা প্ৰথমটো সংস্থা হ'ল

(A) ইউনেস্কো (UNESCO)
(B) 'লীগ অব্ নেচন্‌ছ' (League of Nations ) 
(C) আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ সমিতি (আই. চি.আৰ.চি.) 
(D) ওপৰৰ এটাও নহয় 
উত্তৰ : (B) 'লীগ অব্ নেচন্‌ছ' (League of Nations )

১৩০। মানৱ অধিকাৰ সম্পৰ্কত এখন আয়োগ (Commission on Human Rights) গঠন কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কেতিয়া অনুমোদন জনায় 

(A) ১৯৪৫ চনৰ ২৯ জানুৱাৰীত 
(B) ১৯৪৬ চনৰ ২৯ জানুৱাৰীত 
(C) ১৯৪৮ চনৰ ১৮ ডিচেম্বৰত
(D) ১৯৫০ চনৰ ১০ ডিচেম্বৰত
উত্তৰ : (B) ১৯৪৬ চনৰ ২৯ জানুৱাৰীত 

১৩১। মানৱ অধিকাৰৰ ক্ৰমবিৱৰ্তনক তিনিটা প্ৰজন্মৰ ভিত্তিত আলোচনা কৰা চিন্তাবিদজন কোন ?

(A) ন্যায়াধীশ জে.এছ. বার্মা
(B) দুর্গা দাস বসু 
(C) লুইছ বি. ছোহন 
(D) নিকেল
উত্তৰ : (C) লুইছ বি. ছোহন

Top Post Ad

Below Post Ad

Ads Area